Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অসমৰ সংস্কৃতিক লঘু কৰাৰ প্ৰয়াস বিজেপিৰ : বঙাইগাঁও জিলা কংগ্ৰেছৰ কৰ্মী সভাত পৃথ্বিৰাজ সাথে

বঙাইগাঁওঃ ২৬ ডিচেম্বৰঃ অসম প্ৰতিভা , অসমৰ শিল্পীৰ প্ৰতিভা ,অসমৰ যি চহকী সংস্কৃতি আছে সেই সংস্কৃতিক কৰবাত লঘু কৰাৰ প্ৰয়াস যেন যোৱা নিশা কৰা হ...


বঙাইগাঁওঃ ২৬ ডিচেম্বৰঃ অসম প্ৰতিভা , অসমৰ শিল্পীৰ প্ৰতিভা ,অসমৰ যি চহকী সংস্কৃতি আছে সেই সংস্কৃতিক কৰবাত লঘু কৰাৰ প্ৰয়াস যেন যোৱা নিশা কৰা হ'ল ৷ এই মন্তব্য কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্বাৱধায়ক পৃথ্বিৰাজ সাথেৰ ৷ আজি বঙাইগাঁও জিলা কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদ মেলত ৰাষ্ট্ৰীয় সম্পাদকগৰাকীয়ে এই মন্তব্য কৰে ৷ উল্লেখ্য যে ৰাষ্ট্ৰীয় সম্পাদকগৰাকীয়ে কংগ্ৰেছ কাৰ্যালয়ত অনুষ্ঠিত দলীয় কৰ্মী সভাত অংশ লোৱাৰ পিচত এখন সংবাদ মেল সম্বোধন কৰি কয় যে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ নিশা ১২ঃ ৩০ বজাত অসমত আহি উপস্থিত হৈছিল ৷ বতৰ কেনেকুৱা সকলোৱে জানে ৷ প্ৰচণ্ড শীতৰ মাজতো ইমান সংখ্যক শিল্পীক পথত খালী ভৰিৰে থাকি আদৰণি জনোৱাৰ বাবে বাধ্য কৰোৱা হ'ল ৷ কি কাৰণ আছিল এনে কৰিবলৈ ? এই প্ৰচণ্ড ঠাণ্ডাত এইদৰে শিল্পীসকলক অপমান কৰাৰ কি প্ৰয়োজন আছিল ? এয়া সঁচাকৈ দুখজনক কথা ৷ গৃহমন্ত্ৰীক আজি পুৱাও আদৰণি জনাব পাৰিলেহেতেন ? কিন্তু সেয়া নকৰিলে ৷ গতিকে বিজেপিৰ যি নীচ মনোভাৱ তাৰ ই এক উদাহৰণ আৰু আনৰ কি হয় হ'ব কেৱল নিজৰ মতে কৰি যাব লাগে সেয়াহে জানে ৷ জনসাধাৰণ আৰু আন লোকৰ যি হয় হৈ থাকক সেই বিষয়ে ভাৱিবলৈ তেওঁলোকৰ সময় নাই ৷ কিন্তু জনসাধাৰণে এইবোৰ দেখি আছে ৷ ইপিনে কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা ধেমাজি জিলাৰ চি আৰ পি এফ জোৱান শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ মৃত্যুত শোক ব্যক্ত কৰি ৰাষ্ট্ৰীয় সম্পাদকগৰাকীয়ে কয় যে যেতিয়া দেশত নোট বন্দীৰ নিৰ্দেশ জাৰি কৰিছিল সেই নোট বন্দী কৰাৰ সময়ত যিটো কাৰণ দিছিলে তাৰ ভিতৰত এয়াও আছিল যে দেশত সন্ত্ৰাসবাদ নাইকিয়া হৈ যাব ৷ গতিকে মোৰ প্ৰশ্ন হ'ল নোট বন্দীৰ জৰিয়তে যদি সন্ত্ৰাসবাদ শেষ হৈছে ,তেতিয়াহলে আজি অসমৰ এজন যুৱক কিয় শ্বহীদ হ'বলগীয়া হ'ল ? এয়া সঁচাকৈ বহু দুখজনক কথা ৷ লগতে বিজেপি যে মিছা কথাৰ ভাণ্ডাৰ তাৰ এয়া এক উদাহৰণ ৷ উল্লেখ্য যে কৰ্মীসভাৰ আৰম্ভনীতে শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ লগতে দলৰ প্ৰয়াত নেতাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি যাঁচি সভা আৰম্ভ কৰা হয় ৷ সংবাদ মেলত তেওঁ কয় যে আমাৰ মূল লক্ষ্য হৈছে সংগঠটোক শক্তিশালী কৰা আৰু আগন্তুক নিৰ্বাচনত কিদৰে কংগ্ৰেছ দলটো শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰে তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে ৷ প্ৰথমবাৰ বঙাইগাঁও জিলালৈ আহিছো যদিও ইয়াৰ পিচত পুনৰ আহিম আৰু প্ৰতিটো বিধান সভা সমষ্টিতে দলটোৰ ব্লক সভাপতি আৰু মণ্ডল সভাপতিসকলৰ সৈতে সভা অনুষ্ঠিত কৰিম ৷ দলৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াসকলৰ লগত চা- চিনাকি হোৱাৰ লগতে বঙাইগাঁও জিলাত দলৰ কাম- কাজ কিদৰে চলি আছে তাক জানিবলৈ আৰু বুজিবলৈ আহা বুলি কৈ সভাত দলৰ কৰ্মীসকলক আহিবলগীয়া দিনত যিহেতু  ৰাজ্যখনত নিৰ্বাচন হ'বলৈ গৈ আছে ,সেয়ে বিধান সভা নিৰ্বাচনক লক্ষ্য কৰি সংগঠনটোৰ সাংগঠনিক স্থিতি সৱল কৰাৰ বাবে কিছুমাণ কাৰ্যসূচী আৰু কিছু নিৰ্দেশনা দিয়া বুলিও কয় ৷ লগতে কেন্দ্ৰ আৰু ৰাজ্যত যি বিজেপি চৰকাৰ আছে সেই চৰকাৰৰ নেতিবাচক দিশ তথা কাম- কাজসমূহক জনসাধাৰণৰ মাজলৈ লৈ যাবলৈ নিৰ্দেশ দিয়া বুলিও কয় ৷ সংবাদ মেলত অগপ দলৰ বিষয়ে কয় যে জনসাধাৰণে জানে অগপ দলে কি কাম কৰি আছে আৰি বৰ্তমান কি বিচাৰ ধাৰাৰে আগবাঢ়ি আছে ৷ তেওঁ এছ আই নিযুক্তি কেলেংকাৰীৰ বিষয়টো উল্লেখ কৰি কয় যে সেই কেলেংকাৰীৰ লিংক বঙাইগাঁওলৈ বিয়োপি আছে ৷ গতিকে মই আশা কৰো যে এই কেলেংকাৰীৰ নিৰপেক্ষ তদন্ত কৰি যিসকলে চাকৰি প্ৰত্যাশী যুৱ প্ৰজন্মক প্ৰৱঞ্চনা কৰিছে সেই দোষীসকলে শাস্তি পাওক ৷ ইপিনে কংগ্ৰেছ দলৰ পৰা নিলম্বিত কৰা অজন্তা নেওগ সম্পৰ্কত কয় যে তেওঁৰ কিছুমান ভূমিকাৰ বাবে দলৰ পৰা কৈফিয়ৎ তলৱ কৰা হৈছিল ৷ কিন্তু তাৰ কোনো উত্তৰ নিদিয়াত তেওঁক দলৰ পৰা নিলম্বিত কৰা হৈছে ৷ সেইদৰে আগন্তুক বিধান সভা নিৰ্বাচনত এআইইউডিএফৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা হ'ব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত দলৰ ৰাষ্ট্ৰীয় সম্পাদকগৰাকীয়ে কয় যে মিত্ৰতা সন্দৰ্ভত সকলো সিদ্ধান্ত দিল্লীয়ে ল'ব ৷ দলৰ যি শীৰ্ষ নেতৃত্ব আছে তেওঁলোকে বহি চূড়ান্ত সিদ্ধান্ত ল'ব ৷ সেয়ে মই এই বিষয়ে বিশেষ কোনো কথা নকও বুলিও কয় ৷ সেইদৰে বৰ্তমান সময়ত দলৰ ৰাজ্যিক সভাপতি সলনি কৰাৰ বিষয়ে কোনো নিৰ্দেশ অহা নাই আৰু বৰ্তমান ৰিপুন বৰাই সভাপতি হৈ আছে ৷ সেয়ে তেওঁৰ নেতৃত্বতে আমি সকলোৱে কাম কৰি যাব লাগিব ৷ যদিহে দলৰ নেতৃত্বই এই ভাৱে যে সভাপতি সলনি কৰিব লাগে তেতিয়াহলে বিষয়টো চাম ৷ তেওঁ বঙাইগাঁও জিলাৰ দলীয় কৰ্মীসকল উৎসাহী বুলি কৈ দলৰ ভিতৰত যদি কিবা অভাৱ আছে তেতিয়াহলে আগন্তুক দিনত সেইবোৰ পূৰণ কৰি দলটোক আৰু অধিক শক্তিশালী ৰূপত গঢ়ি তোলা হ'ব বুলিও কয় ৷ সেইদৰে বিজেপি চৰকাৰৰ ভুৱা প্ৰতিশ্ৰুতি , খাদ্য বস্তুৰ মূল্যবৃদ্ধি এই কথাবোৰ ৰাইজৰ মাজলৈ লৈ যাব লাগিব বুলি কৈ মিঠা তেলৰ দাম বাঢ়িছে ,কিন্তু চাউলৰ দাম কমাই দি বাকী সামগ্ৰীৰ দাম বঢ়াই দিছে ৷ কৃষকৰ বেংকৰ একাউন্টত তিনিমাহত ছয় হাজাৰকৈ টকা দিয়া হৈছে ৷ আনফালে এমজিএনৰেগা আঁচনি বন্ধ কৰি দিয়া হৈছে ৷  এই কথাবোৰ ৰাইজৰ মাজলৈ দলৰ কৰ্মীসকলে লৈ যাব বুলিও কয় ৷ ইপিনে সংবাদ মেলত জিলা কংগ্ৰেছৰ সভাপতি শংকৰ প্ৰসাদ ৰায়ে কয় যে ২০১৪ চনত এনে সময়তে নৰেন্দ্ৰ মোডী বঙাইগাঁও জিলালৈ আহিছিল আৰু সভাত দুটা কথা কৈ গৈছিল ৷ এটা হ'ল অশোক কাগজ কল পুনৰ মুকলি কৰিব আৰু আনটো হ'ল কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিব ৷ গৃহমন্ত্ৰী অমিত শ্বাহ যিহেতু অসমলৈ আহিছে সেয়ে তেওঁলৈ আমাৰ প্ৰশ্ন যে অশোক কাগজ কলটো খুলিব নে নাই সোনকালে জনাওক ৷ লগতে জনজাতিকৰণ কৰিব বুলি কৈছিল যদিও বৰ্তমানলৈকে প্ৰতিবেদনেই পঠোৱা নাই ৷ গতিকে কোচ ৰাজবংশী ছাত্ৰ সন্থা তথা আন আন সকলক অনুৰোধ জনাইছো যে তেওঁলোকক দিয়া প্ৰতিশ্ৰুতি তেওঁলোকে মনা নাই ৷ সেয়ে এতিয়া তেওঁলোকে বিবেচনা কৰ্ব লাগে ৷ আমি কংগ্ৰেছ দল শাসনলৈ আহিলে কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণ দিম ৷ এইটো আমাৰ প্ৰস্তাৱ ৷ ইতিমধ্যে এবাৰ কংগ্ৰেছ দলে দিছিলে যদিও তেওঁলোকৰ ভুল যোগাযোগৰ বাবে পৰি থাকিল ৷ এইবাৰ যদি দলটো শাসনলৈ আহে তেতিয়াহলে যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেইমতে আগবাঢ়ি যোৱা হ'ব ৷ সংবাদ মেলত উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টিৰ বিধায়ক আব্দুল হাই নাগৰিকে ধৰি বিভিন্নজন উপস্থিত থাকে ৷ ইপিনে জিলা কংগ্ৰেছ কাৰ্যালয়ত জিলা কংগ্ৰেছৰ সভাৰতি শংকৰ প্ৰসাদ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত কৰ্মীসভাত বিধায়ক আব্দুল হাই নাগৰি , জিলা কংগ্ৰেছ কমিটিৰ সমূহ বিষয়ববীয়া, ব্লক কংগ্ৰেছৰ সভাপতি সকল, জিলা মহিলা কংগ্ৰেছ, সেৱাদল, যুৱ কংগ্ৰেছ, এন এছ ইউ আই, জিলা পৰিষদ, গাওঁ পঞ্চায়ত, আঞ্চলিক পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধি সকল, পৌৰসভা প্ৰাক্তন নিৰ্বাচিত প্ৰতিনিধি সকল আৰু জিলা কংগ্ৰেছৰ বিভাগ সমূহৰ বিষয়- ববীয়াসকল উপস্থিত থাকে৷

No comments