গণবাৰ্তা, আজাৰা , ৩ ডিচেম্বৰ : মহামাৰী কৰ'না ভাইৰাচৰ বাবেই সম্প্ৰতি ৰাজ্যৰ উৎসৱ-পাৰ্বন সমুহ সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰান্তে প্ৰান...
গণবাৰ্তা, আজাৰা , ৩ ডিচেম্বৰ : মহামাৰী কৰ'না ভাইৰাচৰ বাবেই সম্প্ৰতি ৰাজ্যৰ উৎসৱ-পাৰ্বন সমুহ সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰান্তে প্ৰান্তে কাৰ্যসূচীসমুহ বাতিল কৰা পৰিলক্ষিত হৈছে। সদ্যহতে অসমৰ ঐতিহ্যমণ্ডিত স্থানসমুহত শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ কাৰ্যসূচী বিস্তৃতভাৱে প্ৰতিবছৰে অনুষ্ঠিত কৰি আহিছিল যদিও এইবেলি মহমাৰী ক'ৰনা ভাইৰাচৰ বাবেই এই ধৰ্মীয় অনুষ্ঠান ঠায়ে ঠায়ে বাতিল কৰিছে যদিও ঐতিহ্য অক্ষুন্ন বজাই ৰখাৰ উদ্দেশ্যে বহু আয়োজক সমিতিয়ে অনুষ্টুপীয়াকৈ ক'ভিড প্ৰটক'ল মানি কাৰ্যসূচীসমুহ সম্পন্ন কৰিছে। পশ্চিম গুৱাহাটী সমষ্টিৰ বৰঝাৰ বিমান বন্দৰৰ সমীপৰ বঙৰাত "আঞ্চলিক ৰাস মহোৎসৱ, বঙৰা" ই পাচনীয়াপাৰা শিৱ মন্দিৰ প্ৰাংগণত এইবেলি তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিছিল ৰাসমহোৎসৱখনি। এইবেলি ৰূপালী জয়ন্তী বৰ্ষ হোৱা হেতুকে সভাপতি প্ৰানেশ্বৰ নাথ আৰু সম্পাদক সৰ্বেশ্বৰ দাসৰ নেতৃত্বত ৰাইজ গয়ৰহৰ সহযোগত যোৱা ২৯ নৱেম্বৰৰ পৰা ১ ডিচেম্বৰলৈ অনুষ্ঠিত কৰা হয় এই কাৰ্যসূচী। মংগলবাৰে সামৰণি কাৰ্যসূচী হিচাপে সীমিত লোকৰ উপস্থিতিত পুৰোহিত, পূজাৰীৰে মাংগলিক ৰীতি-নীতিৰে সামৰণি পেলায় এইবেলিৰ ৰূপালী জয়ন্তী বৰ্ষ ৰাসমহোৎসৱখনি।
No comments