Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

পথৰুঘাটত পৰিদৰ্শন বাংলা উন্নিতকৰনত বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ পদক্ষেপ

গণ বাৰ্তা , দুমুনিচকী ২০ ডিচেম্বৰ : দৰঙৰ ঐতিহাসিক পথৰুঘাটত ১৮৯৪ চনৰ ২৮ জানুৱাৰীত সংঘটিত হোৱা পথৰুঘাটৰ ৰণ ৰ কথা  আপোনাৰ হয়তো মনত আছে ৷ যত বৰ্...


গণ বাৰ্তা , দুমুনিচকী ২০ ডিচেম্বৰ : দৰঙৰ ঐতিহাসিক পথৰুঘাটত ১৮৯৪ চনৰ ২৮ জানুৱাৰীত সংঘটিত হোৱা পথৰুঘাটৰ ৰণ ৰ কথা  আপোনাৰ হয়তো মনত আছে ৷ যত বৰ্ধিত খাজনা বৃদ্ধিৰ প্ৰতিবাদ জনাবলৈ আহি বৃটিছৰ গুলিত শ্বহীদ হৈছিল  সাতকুৰি নিৰিহ হিন্দু-মুছলিম কৃষক ৷ বৃটিছে কৃষকৰ প্ৰতিবাদ ৰোধ কৰিবলৈ পৰিকল্পনা কৰিছিল পথৰুঘাট পৰিদৰ্শন বাংলাত বাহৰ পাতি ৷ সেই বৃটিছৰ দিনৰ পৰিদৰ্শন বাংলাটো অত্যাধুনিক ৰূপত সজাই- পৰাই তুলিবলৈ ব্যৱস্থা গ্ৰহন কৰিলে ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই ৷ প্ৰায় ৫০ লাখ টকাৰে নিৰ্মাণ কৰিবলগীয়া আঁচনিখন ৰূপায়ণ কৰিব লোক নিৰ্মাণ বিভাগ , মংগলদৈ উপ - সংমণ্ডল বিভাগে ৷ তেজপুৰ সং-মণ্ডলৰ  কাৰ্যবাহী অভিযন্তা , মংগলদৈ উপ- সং- মণ্ডলৰ সহঃকাৰ্যবাহী অভিযন্তাৰ উপস্থিতিত বিধায়ক বিনন্দ কুমাৰ শইকীয়াই আঁচনিখনৰ শুভাৰম্ভণী কৰাৰ লগতে ব্যাসপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা ওজাপাৰা কালী মন্দিৰ সংযোগী পথৰো শুভাৰম্ভণী কৰে বিধায়ক গৰাকীয়ে ৷ আনহাতে একেদিনাই প্ৰায় ৫০০ বছৰ পুৰনি ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী দক্ষিনা কালী মন্দিৰত অসমীয়া পৰাম্পৰা অটুত ৰাখি পালন কৰা ন-খোৱা উৎসৱ আৰু মন্দিৰ নিৰ্মাণৰ ৰচিদ বহী উন্মোচনী সভাতো অংশগ্ৰহণ কৰে বিধায়কৰ লগতে দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু  জিলা পৰিষদৰ সভাপতি  ধীৰেন্দ্ৰ ডেকাই ৷ সমষ্টি উন্নয়নত ধাৰাবাহিকতা অক্ষুন্ন ৰখাৰ বাবে সমষ্টিৰ ৰাইজে বিধায়ক বিনন্দ কুমাৰ শইকীয়াক জনাইছে ধন্যবাদ আৰু কৃতজ্ঞতা ৷

No comments