Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বৰদিন উপলক্ষে সজল ফাউণ্ডেশ্যনৰ বস্ত্ৰ বিতৰণ

গণ বাৰ্তা তামাৰহাট, ২৩ ডিচেম্বৰ : সমাগত বৰদিন । ৰাজ্যৰ সৰ্বত্ৰে চলিছে বৰদিনৰ আয়োজন।বৰদিনক আদৰণি জনাবলৈ সাজু হৈছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক ...


গণ বাৰ্তা তামাৰহাট, ২৩ ডিচেম্বৰ : সমাগত বৰদিন । ৰাজ্যৰ সৰ্বত্ৰে চলিছে বৰদিনৰ আয়োজন।বৰদিনক আদৰণি জনাবলৈ সাজু হৈছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক সকল।তেনে সন্ধিখনত তামাৰহাট সজল ফাউণ্ডেশ্যনে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ বৰদিনৰ মাজতে দুটা দিন বাকী থকাৰ সময়তে তামাৰহাটৰ সজল ফাউণ্ডেশ্যন নামৰ বেচৰকাৰী সংস্থাটোৰ কৰ্মকৰ্তাই প্ৰতি বছৰৰ দৰে এই বেলিও খ্ৰীষ্টান ধৰ্মীয় দৰিদ্ৰ দুখীয়া  তিনি সহস্ৰাধিক আদিবাসী পৰিয়ালক আদিবাসী জনগোষ্ঠীয় জাতীয় পোচাক লুঙি আৰু পাঞ্জি বিতৰণ কৰে । বৰদিনৰ  প্ৰাকক্ষনত তামাৰহাটৰ সজল ফাউণ্ডেশ্যনে গ্ৰহণ এই  মহানুভৱতাই সচেতন মহলৰ মাজত ব্যাপক চৰ্চাৰ সৃষ্টি হৈছে । জানিব পৰা মতে মঙ্গলবাৰে বিটিআৰৰ শ্ৰীৰামপুৰ সমষ্টিৰ মৰনাই চাহ বাগিচাৰ কালিংপুৰ, গ্ৰাহাপুৰ, জাকবপুৰ আৰু ৰাঙাপাৰত তিনি সহস্ৰাধিক দুখীয়া খ্ৰীষ্টান ধৰ্মীয় আদিবাসী পৰিয়ালৰ মাজত বস্ত্ৰ বিতৰণ কৰি সজল ফাউণ্ডেশ্যনে মহানুভৱতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰে । সজল ফাউণ্ডেশ্যনৰ মূখ্য সঞ্চালক তথা ৩ নং শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ এম চি এল এ সজল কুমাৰ সিংহৰ নিৰ্দেশ মৰ্মে ফাউণ্ডেশ্যনটোৰ কৰ্মকৰ্তাই বিতৰণ কৰে বস্ত্ৰ খিনি । আনকি আদিবাসী প্ৰতিটো অঞ্চলতে পবিত্ৰ বৰদিন উপলক্ষে বস্ত্ৰ বিতৰণ কৰা হ'ব বুলি ফাউণ্ডেশ্যনটোৰ কৰ্মকৰ্তাই জানিবলৈ দিয়ে । প্ৰতি বছৰে দূৰ্গা পূজা, ঈদ আৰু বৰদিন আদি তিথিৰ প্ৰাকক্ষনত এইদৰে দুখীয়া পৰিয়ালক সহায় কৰি সজল ফাউণ্ডেশ্যনে এক  সুনাম বুটলিবলৈ সক্ষম হৈছে । এই দৰেই অনাগত দিনবোৰতো প্ৰতিটো তিথিৰ প্ৰাকক্ষনত দৰিদ্ৰ লোকৰ মাজত বস্ত্ৰ বিতৰণ আৰু সকলো ক্ষেত্ৰতে পৰ্যাপ্ত সহায় সজল ফাউণ্ডেশ্যনে কৰি যাব বুলি ফাউণ্ডেশ্যনটোৰ কৰ্মকৰ্তাই সদৰি কৰে । উল্লেখ্য যে খ্ৰীষ্টমাছ তথা বৰদিনৰ প্ৰাকক্ষনত সজল ফাউণ্ডেশ্যনে দুখীয়া দৰিদ্ৰ পৰিয়ালক এইদৰে বস্ত্ৰ বিতৰণ কৰি সহায় কৰা কাৰ্য্যক খ্ৰীষ্টান ধৰ্মীয় আদিবাসী সম্প্ৰদায়ৰ লোক সকল আনন্দিত হোৱাৰ লগতে সজল ফাউণ্ডেশ্যনৰ কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰে ।

No comments