গণ বাৰ্তা : বাদুলিপাৰ,১৬ ডিচেম্বৰ ;গোলাঘাট জিলাৰ অন্তৰ্গত গোলাঘাট পশ্চিম উন্নয়ণ খণ্ড-বোকাখাতৰ অধীনৰ ১৯নং ৰঙামাটি কৈৱৰ্ত্ত গাঁও পঞ্চায়ত এলে...
গণ বাৰ্তা : বাদুলিপাৰ,১৬ ডিচেম্বৰ ;গোলাঘাট জিলাৰ অন্তৰ্গত গোলাঘাট পশ্চিম উন্নয়ণ খণ্ড-বোকাখাতৰ অধীনৰ ১৯নং ৰঙামাটি কৈৱৰ্ত্ত গাঁও পঞ্চায়ত এলেকাৰ ১০নং গৰিয়াজানত আজি প্ৰধান মন্ত্ৰী আবাস গৃহ নিৰ্মাণ মন্ঠৰ গতিত হোৱাৰ বাবে সৰব হৈ পৰিল জিলা প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া ,খণ্ড উন্নয়ণ বিষয়া দিলীপ চৰকাৰ,অভিযন্তা ইমৰান হুছেইন।উল্লেখ্য যে ২০১৯-২০ বৰ্ষৰ প্ৰধান মন্ত্ৰী আবাস গৃহ যোজনাৰ আচনিৰ অধীনত উল্লেখিত পঞ্চায়তৰ গৰিয়াজান বাগিচা এলেকাৰ দৰিদ্ৰজনৰ বাবে মুঠ ৮৬টা গৃহ দৰিদ্ৰ হিতাধিকাৰীয়ে লাভ কৰিছিল।ইয়াৰ ভিতৰত প্ৰায় ৭০টা গৃহৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে আৰু বাকী থকা ১৬টা গৃহৰ নিৰ্মাণকাৰ্য বিগত ১৪/১৫ মাহে পৰিত্যক্ত অৱস্থাত। পৰিত্যক্ত গৃহসমূহৰ ভিতৰত দুই এজন হিতাধিকাৰীয়ে আবন্টিত ধনৰ প্ৰথম কৃষ্টিৰ ৩২,৫০০টকাৰ ভিতৰত সামান্য ধন ব্যয় কৰিয়েই সামৰে আৰু বাকী দুই এজনে প্ৰথম কৃষ্টিৰ ধনৰ কাম সম্পূৰ্ণ কৰি ২য় কৃষ্টি ধনৰ ৪৮,৭০০টকা নিজ খেয়াল খুচি মতে অপ-ব্যৱহাৰ কৰে ফলত গৃহ নিৰ্মাণৰ কাম আধাতে সামৰিব লগা হয়।ইয়াকে লৈ আজি বিষয়াবৰ্গ খৰ্গহস্ত হৈ পৰে। পঞ্চায়তৰ সচিব অনন্ত বাৰুকীয়াল,সহকাৰী অভিযন্তা দিব্যজ্যোতি বৰা আৰু ৰোজগাৰ সহায়ক নোমল কুৰ্মীৰ সহযোগত উচ্চ পৰ্য্যায়ৰ বিষয়া বৰ্গই পঞ্চায়ত এলেকাত চলি থকা বিভিন্ন উন্নয়ণমূলক আচনি সমূহ কেনেদৰে ৰুপায়ণ হৈছে সেই কথা বুঁজ লয়।লগতে সেই সময়ত উপস্থিত থকা স্থানীয় ৰাইজক উদ্দেশ্যি সঞ্চালকগৰাকীয়ে মন্তব্য কৰে যে আবন্টিত পোৱা গৃহ সমূহ হিতাধিকাৰীসকলে নিৰ্মাণকাৰ্য সম্পূৰ্ণ নকৰিলে আগন্তুক দিনত গৃহ পোৱাৰ যোগ্য বাকী থকা হিতাধিকাৰীয়ে গৃহ পোৱাৰ সম্ভৱ হৈ নুঠিব। ইয়াৰ ওপৰি গৰিয়াজানত যি সকল হিতাধিকাৰীয়ে প্ৰধান মন্ত্ৰী আবাস গৃহসমূহ চৰকাৰী ধন লৈও নিৰ্মাণ কৰা নাই সেই সকলৰ ওপৰত আইনী ব্যৱস্থা ল'বলৈও প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া ই পঞ্চায়তৰ সচিবক নিৰ্দেশ দিয়ে।
No comments