Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

এবছৰীয়া দুৰ্যোগৰ পাছত বছৰৰ শেষৰটো দেওবাৰে ভীৰ দেখা গ'ল বনভোজস্থলীত

  কা-ক'ৰনাৰ ফলত বিগত বৰ্ষটো গৃহবন্দীৰ পিছত জনসাধাৰণে গা-মন মুকলি কৰিবলৈ বছৰৰ শেষৰটো দেওবাৰে ওলাই আহিল শান্তুি সন্ধানত বনভোজৰ আনন্দ লবলৈ।...

 


কা-ক'ৰনাৰ ফলত বিগত বৰ্ষটো গৃহবন্দীৰ পিছত জনসাধাৰণে গা-মন মুকলি কৰিবলৈ বছৰৰ শেষৰটো দেওবাৰে ওলাই আহিল শান্তুি সন্ধানত বনভোজৰ আনন্দ লবলৈ। সকলোৰে আশা আগন্তুক বৰ্ষটো সকলোৱে বাবে মংগল হঁওক।ঘুৰি আহক সকলোৰে জীৱনলৈ সুখ শান্তুি আৰু সমৃদ্ধি । নগাঁও জিলাৰ কঠিয়াতলীৰ গাতে লাগি থকা  টেঙাপানী প্ৰাকৃতিক সৌন্দৰ্য্যৰ অন্যতম মনোৰম বনভোজস্থলী । ৰেংবেং পাহাৰৰ পৰা টেঙা পানী নিগৰি উলাই থকাৰ বাবে ঠাই খনৰ নাম টেঙাপানী হোৱা বুলি বিশ্বাস কৰে । অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়াত প্ৰতি বছৰে  হাজাৰ হাজাৰ লোকৰ সমাগম হয় ।। কঠিয়াতলী ৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা মাত্ৰ তিনি কিঃ মিঃ নিলগত টেঙাপানী অৱস্থিত । ।শাৰী শাৰী চাহ গছৰ মনোমোহা পৰিবেশত এটা দিন আনন্দত পাৰ কৰে সকলোৱে ।উল্লেখযোগ্য যে কঠিয়াতলীৰ টেঙাপানীত প্ৰকৃতিৰ সৃষ্টি এটা পানীৰ উঁহ আছে য'ৰ পৰা প্ৰতিক্ষণে নিগৰিত হৈ আছে টেঙাপানী । প্ৰকৃতিৰ মনোমোহা পৰিবেশত ৰং- ধেমালীৰে এসাজ খাবৰ বাবে প্ৰতিবছৰে হাজাৰ হাজাৰ লোকৰ সমাগম হয় টেঙাপানীত । বিগত বছটোত হে যোৱা বৰ্ষত মহামাৰী কথা পাহৰি বছৰৰ শেষৰটো দেওবাৰে অসমৰ বিভিন্ন ঠাইৰ লোকৰ সমাগম নগাঁৱৰ কঠিয়াতলীৰ ঘটিছে টেঙাপানীত।পুৱাৰ পৰাই বনভোজ দলৰ আগমন ঘটিছে টেঙাপানীত। 

No comments