গণবাৰ্তা বিশেষ,ডিফু, ২৬ ডিচেম্বৰঃ কার্বি আংলঙৰ বনাঞ্চল ধ্বংস কৰি এক সমাজবিৰোধী চক্রই অন্য জিলালৈ বুজন পৰিমাণৰ চোৰাং কাঠৰ সৰবৰাহ অব্যাহত ৰখ...
গণবাৰ্তা বিশেষ,ডিফু, ২৬ ডিচেম্বৰঃ কার্বি আংলঙৰ বনাঞ্চল ধ্বংস কৰি এক সমাজবিৰোধী চক্রই অন্য জিলালৈ বুজন পৰিমাণৰ চোৰাং কাঠৰ সৰবৰাহ অব্যাহত ৰখাৰ সময়তে যমুনা নদীৰ বুকুৰে এনে চোৰাং কাঠ সৰবৰাহৰএক গুৰৱত্বপূর্ণ তথ্য পােহৰলৈ আহিছে। উল্লেখযােগ্য যে, আজি হাওৰাঘাট আঞ্চলিক ছাত্র সন্থাৰ তৎপৰতাত হাওৰাঘাটৰ সমীপৰ যমুনা নৈৰ বুকুৰে গােপনে সৰবৰাহ কৰি থকা অৱস্থাৰ পৰা শতাধিক কাঠৰ বাটাম উদ্ধাৰ কৰা হৈছে।
হাওৰাঘাট আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক সুভাষ বৰাই দৈনিক অসম'ক জানিবলৈ দিয়া অনুসৰি, হাওৰাঘাট নগৰৰ পৰা প্রায় দহ কিঃ মিঃ নিলগৰ যমুনা গাঁৱৰ কাষেৰে বৈ যােৱা যমুনা নৈৰ বুকুৰে কোনাে চোৰাং কাঠ সৰবৰাহকাৰী চক্রই কাঠ সৰবৰাহ কৰি থকা স্থানীয় ৰাইজে প্রত্যক্ষ কৰে। স্থানীয় ৰাইজৰ তথ্যৰ ভিত্তিত হাওৰাঘাট আঞ্চলিক ছাত্র সন্থাৰ এটি দলে ঘটনাস্থলীত উপস্থিত হৈ এই সন্দৰ্ভত নিশ্চিত হোৱাৰ পিছতে বন বিভাগক খবৰ দিয়াত বন বিভাগে উক্ত স্থানত উপস্থিত হৈ চোৰাং কাঠসমূহ জব্দ কৰে । উক্ত অভিযানত আজি যমুনা নৈৰ বুকুৰ পৰা কমেও প্রায় ১৩০ টা মূল্যবান কাঠৰ বাটাম উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। ইফালে, যমুনা নৈৰ বুকুৰে চোৰাং কাঠৰ সৰবৰাহকাৰীয়ে নিবিঘ্নে চোৰাং কাঠৰ সৰবৰাহ কৰি থকা কার্যত গভীৰ উদ্বেগ প্রকাশ কৰি বন বিভাগক এনে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যবস্থা গ্ৰহণ কৰাৰ আহ্বান জনাইছে ছাত্ৰ সংগঠনটোৱে
No comments