Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মদনপুৰ টোলগেটত উত্তপ্ত পৰিস্থিতি টোলগেট লণ্ডভণ্ড দুৰ্বৃত্তৰ

  বাইহাটা চাৰিআলি,২৫ ডিচেম্বৰঃ  কামৰূপ জিলাৰ চাংসাৰি থানাৰ অন্তৰ্গত মদনপুৰৰ টোল গেটত আজি পুৱাৰ ভাগত এক  উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।জানিব ...

 


বাইহাটা চাৰিআলি,২৫ ডিচেম্বৰঃ কামৰূপ জিলাৰ চাংসাৰি থানাৰ অন্তৰ্গত মদনপুৰৰ টোল গেটত আজি পুৱাৰ ভাগত এক  উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।জানিব পৰা মতে  ঈগল ইনৰ্ভা নামৰ মুম্বাইৰ এটি প্ৰতিষ্ঠানে দায়িত্ব লাভ কৰাৰ পাছতে সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতি ।একাংশ যুৱকে হাতে হাতে ৰদ লাঠী লৈ ভাঙি চিঙি লণ্ড ভণ্ড কৰে মদনপুৰ টোলগেট । ইমানতো শান্ত নাথাকি  অগ্নি সংযোগ কৰে ক্ষোভিত যুৱক সকলে । উল্লেখ্য যে  বহি: ৰাজ্যৰ লেচীয়ে টোলগেট লাভ কৰাৰ  বাবে সৃষ্টি হয় এই সংঘাট । পৰিস্থিতি অধিক উত্তেজনা ময় হোৱাৰ লগতে দুৰ্বৃত্তই চাৰ্ভাৰ কোঠাও লণ্ড ভণ্ড কৰে। ইপিনে ঘটনা স্থলিত বহু সময় ধৰি  আৰক্ষীৰ দল উপস্থিত নোহোৱাক লৈ অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ  । যাৰ ফলস্বৰূপে উদণ্ড যুৱকৰ দলটো নিৰ্বিঘ্নে আতৰি যাবলৈ সক্ষম হয় । বহু সময়ৰ পিচত চাংসাৰি আৰক্ষীকে ধৰি ,কমলপুৰ থানাৰ আৰক্ষী আৰু বাইহাটা থানাৰ আৰক্ষীৰ উপৰিও কেবাগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ।  কমলপুৰ ৰাজহ চক্ৰ বিষয়া ড° অংকিতা শৰ্মা ঘটনাস্হলীত উপস্থিত হৈ পৰিস্থিতিৰ  বুজ লোৱাৰ লগতে নতুনকৈ দায়িত্ব লাভ কৰা প্ৰতিস্থানটোক টোলগেটটি চলাবলৈ অনুমতি দিয়ে। উল্লেখ্য যে কমলপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত  চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ মদনপুৰত এই টোলগেটটো স্থাপনৰ পিছতেই ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনে ধাৰাবাহিক ভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল।সেই প্ৰতিবাদত সেও মানি  জিলা প্ৰশাসন তথা সংশ্লিষ্ট কৰ্তৃপক্ষই অনুষ্টিত কৰিছিল এক ৰাজহুৱা শুনানিও।কিন্তু পৰিতাপৰ কথা এয়ে যে  জনবসতিপূৰ্ণ অঞ্চলটোত স্থাপন কৰা  টোলগেট টিৰ নেতিবাচক দিশসমূহ তথা ৰাইজে সন্মুখীন হোৱা বিভিন্ন সমস্যা সন্দৰ্ভত  কামৰূপ জিলা প্ৰশাসনে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰণ চমুকৈ এন.এইচ.এ.আইৰ উচ্চ পদস্থ বিষয়াক সন্মুখত ৰাখি গ্ৰহণ কৰা সেই ৰাজহুৱা শুনানি ফুটুকাৰ ফেনত পৰিণত হোৱাৰ অভিযোগ উথ্বাপিত হৈছিল। ছাত্ৰ সন্থাৰ লগতে কেইবাটাও সংগঠনৰ বিষয় ববীয়া আৰু স্থানীয় ৰাইজৰ সেই শুনানি অনুষ্টিত হৈছিল মদনপুৰ এম ভি স্কুল প্ৰাংগণত। চলিত বৰ্ষৰ আগষ্টত  অনুস্থিত সেই  ৰাজহুৱা শুনানিত  ছাত্ৰ সন্থাৰ ফালৰ পৰা টোলগেটৰ নেতিবাচক দিশসমূহ উপস্থাপন কৰি টোলগেট শীঘ্ৰে বন্ধ কৰিবলৈ দাবী উত্থাপন কৰিছিল । টোলগেটটো স্থাপন কৰাৰ  দিনৰে পৰা জনসাধাৰণে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈ অহাকে ধৰি  টোলগেটৰ ১০০ মিটাৰ দূৰত্বত অৱস্থিত মদাৰতলা বিদ্যাপীঠ হাইস্কুলৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হৈ পৰাৰ কথা অৱগত কৰিছিল বিভিন্নজনে।তদুপৰি অৱগত কৰিছিল প্ৰায়ে  স্বাস্থ্য বিভাগৰ এম্বুলেন্সকে ধৰি জৰুৰীকালীন যান বাহন দীৰ্ঘসময় ধৰি টোলগেটত আবদ্ধ হৈ অহাৰ লগতে গাড়ীৰ বিভিন্ন শব্দই ঘন্টাৰ পিছত ঘন্টা ধৰি অঞ্চলটোৰ ৰাইজক  অসুবিধা দি অহাৰ কথা উল্লেখ কৰিছিল ৷শুনানিত কামৰূপ জিলা কৃষি ভূমি আৰু পৰিবেশ সংৰক্ষন সমিতিৰ ফালৰ পৰা মদনপুৰত ঘনবসতি পূৰ্ণ এলেকাত নীতি বহিৰ্ভূত ভাবে টোলগেট স্থাপন কৰা বুলি সজোৰে দাবী কৰি কেৰেলাত এনে ২৭ টা নীতি বহিৰ্ভূত ভাবে স্থাপন কৰা টোলগেট চৰকাৰে বন্ধ কৰি দিয়া বুলি উল্লেখ  কৰিছিল। তেওলোকে ঘন জনবসতি পূৰ্ণ এলেকাত তথা এখন বিদ্যালয়ৰ সন্মুখত পৰিবেশ বিনষ্টকাৰী এই টোলগেট স্থাপন কৰি অঞ্চলটোৰ স্থায়ী শান্তি ভংগ কৰা বুলি ক্ষোভ প্ৰকাশ কৰিছিল । ইপিনে সেই  শুনানিত কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এন ,কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্ত, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰণৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰকল্প সঞ্চালক, আঞ্চলিক সঞ্চালককে ধৰি এটি উচ্চ পদস্থ বিষয়াৰ দলো উপস্থিত আছিল। কামৰূপ জিলাৰ উপায়ুক্ত গৰাকীয়ে ৰাইজৰ অসুবিধা তথা বক্তব্য সমূহ চৰকাৰৰ ওচৰত উত্থাপন কৰিব বুলি আশ্বাস প্ৰদান কৰিছিল । ইফালে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰণৰ বিষয়াই ৰাইজৰ অসুবিধা দূৰ কৰি টোলগেট চলাই নিয়াৰ পোষকতা কৰাত ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে উভতি ধৰিছিল । শৈক্ষিক পৰিবেশ বিনষ্ট কৰি একমাত্ৰ কৰ সংগ্ৰহ কৰাটোৱেই লক্ষ্য হিচাপে লৈ মদনপুৰত স্থাপন কৰা টোলগেট বন্ধ নকৰিলে ৰাইজ আৰু বিভিন্ন সংগঠনৰ সহযোগত জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকিয়নিও প্ৰদান কৰিছিল।কিন্তু পৰিতাপৰ কথা এয়ে যে প্ৰতিবাদ,ৰাজহুৱা শুনানি সকলোকে নসাৎ কৰি টোলগেট কৰ্তৃপক্ষই চলাই গৈছিল নিজৰ কাম। সেইসকল লোকে অঞ্চলটোৰ একাংশ লোকক লগতলৈ চলাই গৈছিল টোলগেটটো।বিগত সময়ত সেই সকল লোকেই টোলগেটটোত কৰ সংগ্ৰহৰ নামত যাত্ৰীক অশালীন ব্যাৱহাৰ কৰাৰো অভিযোগ উথ্বাপিত হৈছিল।সম্প্ৰতি সেই লোকসকল টোল গেটটোৰ পৰা আতৰিব লগাৰ ভয়তে এনে কাৰ্য সংঘটিত কৰাৰ অভিযোগ উথ্বাপিত হৈছে।ইতিমধ্যে ঘটনা সন্দৰ্ভত চাংসাৰি থানাত এক গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে।

No comments