ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট ,২ ডিচেম্বৰঃ যোৰহাটৰ অন্যতম প্ৰকাশন গোষ্ঠী ,প্ৰয়াস প্ৰকাশনৰ দ্বাৰা প্ৰকাশ কৰি উলিওৱা যোৰহাটৰ বিশিষ্টা লেখিকা লিলিমা...
ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট ,২ ডিচেম্বৰঃ যোৰহাটৰ অন্যতম প্ৰকাশন গোষ্ঠী ,প্ৰয়াস প্ৰকাশনৰ দ্বাৰা প্ৰকাশ কৰি উলিওৱা যোৰহাটৰ বিশিষ্টা লেখিকা লিলিমা খনিকৰৰ তিনিখনকৈ গ্ৰন্থ আজি যোৰহাটৰ মুক্তি যুঁজাৰু ভৱনত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত অবিমিশ্ৰ , আকিঞ্চন আৰু সুশ্ৰাব্য শুভ উন্মোচন কৰা হয়। শংকৰী সংস্কৃতিৰ গৱেষক হেমচন্দ্ৰ শইকীয়াই পৰিচালনা কৰা গ্ৰন্থ উন্মোচনী সভাখনত উন্মোচনৰূপে উপস্থিত থাকি গৱেষক ড0 বিপিন খঙীয়াই 'অবিমিশ্ৰ, 'আকিঞ্চন' শুভ উন্মোচন কৰে, বিশিষ্টা অধ্যাপিকা নিমিতা চুতীয়া শইকীয়াই, আৰু "সুশ্ৰাব্য' শুভ উন্মোচন কৰে বিশিষ্টা সমাজকৰ্মী ধনমায়া ছেত্ৰীয়ে। উক্ত সভাত উন্মোচন কৰা বিশিষ্ট অতিথিকেইজনে গ্ৰন্থ কেইখন উন্মোচন কৰি বক্তব্য প্ৰদান কৰে। সভাত বহু কেইগৰাকী সাহিত্যিক ,কবি'ৰ লগতে যোৰহাটৰ বহু গণ্য মান্য লোক উপস্থিত থাকে । উল্লেখ্য যে বিগত ল'ক ডাউনৰ সময়ত ঘৰৰ ভিতৰতে থাকি অবাবত সময়ত নষ্ট নকৰি সত্তৰৰ উদ্ধৰ এগৰাকী মহিলাই তিনিখনকৈ গ্ৰন্থ লিখি একেলগে প্ৰকাশ প্ৰকাশ কৰি উলিওৱা প্ৰচেষ্টাক সকলোৱে প্ৰসংশা কৰিছে।
No comments