ফাইল ফটো মৰিগাঁও,১১ ডিচেম্বৰ: আগন্তুক তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি শাসক দল বিজেপিয়ে গীত নৃত্যৰ মাজেৰে নিৰ্বাচনী প্ৰচাৰ অৱ্যা...
![]() |
ফাইল ফটো |
মৰিগাঁও,১১ ডিচেম্বৰ: আগন্তুক তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি শাসক দল বিজেপিয়ে গীত নৃত্যৰ মাজেৰে নিৰ্বাচনী প্ৰচাৰ অৱ্যাহত ৰাখিছে। মৰিগাঁৱত তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত এতিয়া ব্যস্ত বটদ্ৰবা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা। তিৱা নৃত্য গীতেৰে ভোটাৰক মোহিত কৰি নিৰ্বাচনী প্ৰচাৰত এইবাৰ গায়িকা ৰূপত বিধায়িকা আঙুৰলতা ডেকাই মৰিগাঁৱত নাচ গানেৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ। উল্লেখ্য যে- তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনলৈ মাজত মাত্ৰ পাঁচোটাকৈ দিন থকাত মৰিগাঁৱত প্ৰতিটো দলে চলাইছে নিৰ্বাচনী প্ৰচাৰ। মৰিগাঁও সমষ্টিৰ বিধায়ক ৰামকান্ত দেউৰীৰ পুত্ৰ ১৮ নং চাৰিপুনিয়া চাবুকধৰা সমষ্টিৰ প্ৰাৰ্থী মদন দেউৰীৰ হৈ আজি প্ৰচাৰ চলাই বিধায়িকা আঙুৰলতা ডেকাই। বিধায়িকা গৰাকীয়ে ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ গাড়ীৰ পৰা নামিয়ে আৰম্ভ কৰে জনপ্ৰিয় তিৱা গীত নৃত্যৰ, লগতে বিধায়িকা আঙুৰলতাই দুটাকৈ তিৱা গীত পৰিৱেশন কৰে। বিধায়িকা আঙুৰলতা ডেকাই মদন দেউৰী হৈ সমষ্টি বাসী ৰাইজৰ মাজত নৃত্যৰ মাজেৰে নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছক তীব্ৰ সমালোচনা কৰাৰ লগতে বিজেপি জয় নিশ্চিত আৰু তিৱা স্বায়ত্ব পৰিষদ বিজেপিয়ে গঠন কৰিব বুলি বিধায়িকা গৰাকীয়ে মন্তব্য কৰে।
No comments