Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সৰুক্ষেত্রীৰ ভুলুকাবাৰীত কেইবা শতাধিক বিভিন্ন দলৰ কৰ্মী এআইইউডিএফ দলত যোগদান

  দিদাৰ হুছেইন,হাউলী, ২৭ ডিচেম্বৰঃ  সৰ্ব ভাৰতীয় গণতান্ত্ৰিক মৰ্চা (এআইইউডিএফ) দলৰ ৪৬ নং সৰুক্ষেত্ৰী সমষ্টি কমিটিৰ উদ্যোগত আৰু ৪১ নং দক্ষিণ প...

 


দিদাৰ হুছেইন,হাউলী, ২৭ ডিচেম্বৰঃ সৰ্ব ভাৰতীয় গণতান্ত্ৰিক মৰ্চা (এআইইউডিএফ) দলৰ ৪৬ নং সৰুক্ষেত্ৰী সমষ্টি কমিটিৰ উদ্যোগত আৰু ৪১ নং দক্ষিণ পশ্চিম বেতবাৰী গাওঁ পঞ্চায়ত কমিটিৰ সহযোগত ৰবিবাৰে আবেলি ৩ বজাত আলেপ খানৰ পৌৰোহিত্যত এখন বিশাল কৰ্মীসভা ভুলুকাবাৰী জেপি হাইস্কুলৰ সমীপত অনুষ্ঠিত হয় | উক্ত সভাত দলৰ সাম্ভাব্য প্ৰাৰ্থী মিনাক্ষী ৰহমানে উপস্থিত থাকি কয় যে, আগন্তুক নিৰ্বাচনত ৰাইজৰ অভাৱ-অভিযোগ সমূহ হৃদয়ঙ্গম কৰি বিধান সভাৰ মজিয়াত উপস্থাপন কৰিব পাৰে তেনে ব্যক্তিক ভোটদান কৰিবলৈ আহ্বান জনায় | লগতে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰকো ক্ষূঢ়দাৰ সমলোচনা কৰে | সভাত মহিলা মৰ্চাৰ সভানেত্ৰী বীণা দৈমাৰীয়ে কয় যে, ইউডিএফ কোনো সাম্প্ৰদায়িক দল নহয় ,ই সম্পূৰ্ণ ধৰ্ম নিৰপেক্ষ দল ,এই দল দৰিদ্ৰৰ দল, ৰাইজৰ দল,আৰু নিষ্পেষিত সকলৰ দল |

আগন্তুক '২১ৰ নিৰ্বাচনত  সাম্প্ৰদায়িক বিজেপি দলক পৰাভূত কৰাৰ স্বাৰ্থত ধৰ্ম নিৰপেক্ষ দলক ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনায় | ইপিনে দলৰ বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদক খন্দকাৰ আশ্ৰাফুল মামুনে ভাষণ প্ৰসঙ্গত কয় আগত নিৰ্বাচনত ইউডিএফ কংগ্ৰেছৰ লগত মিত্ৰতা হ'লেও ভাল ,নহ'লেও ভাল বুলি তীৰ্যক মন্তব্য কৰি ২০১০ চনৰ পৰাই দলৰ সভাপতি  বদৰুদ্দিন আজমলে কংগ্ৰেছৰ লগত মিত্ৰতা কৰাৰ কাৰণে চেষ্টা কৰি আহিছিল যদিওঁ আজিলৈকে মিত্ৰতা হোৱা নাই বুলি কয় | উক্ত সভাত দলৰ জিলা উপ সভাপতিদ্বয় দেলুৱাৰ হুছেইন,শ্বহীদুল ইছলাম ভূঞা সহ বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মীৰ  লগতে কেইবা সহস্ৰাধিক কৰ্মীয়ে উপস্থিত থাকে | সভাত বিভিন্ন দলৰ পৰা প্ৰায় তিনি শতাধিক নেতা কৰ্মীয়ে বদৰুদ্দিন আজমলৰ নীতি আদৰ্শক সৰোগত কৰি এআইইউডিএফ দলত যোগদান কৰে |

No comments