গণ বাৰ্তা ,হোজাই ১৯ ডিচেম্বৰ : হোজাই জিলাৰ ন-খুটিৰ চাৰ্কে বস্তিত বন বিভাগৰ অভিযানত বৃহৎ পৰিমানৰ চোৰাং কাঠ জব্দ ৷ হোজাইৰ ডিঅফঅ' পুলক ক...
গণ বাৰ্তা ,হোজাই ১৯ ডিচেম্বৰ : হোজাই জিলাৰ ন-খুটিৰ চাৰ্কে বস্তিত বন বিভাগৰ অভিযানত বৃহৎ পৰিমানৰ চোৰাং কাঠ জব্দ ৷ হোজাইৰ ডিঅফঅ' পুলক কুমাৰ চৌধুৰীয়ে আজি এক বিবৃতিযোগে জনোৱা মতে, নখুটি অঞ্চলত চোৰাং কাঠ সৰবৰাহ সন্দৰ্ভত উত্তৰ অসমৰ বন সংৰক্ষক যতীন শৰ্মাই এক গোপন সুত্ৰে খবৰটো লাভ কৰিছিল ৷ যতিন শৰ্মা আৰু ডিচিএফ ৰাজিৱ কুমাৰ দাসৰ নিৰ্দেশ মতে হোজাই বন বিভাগে গোপনে অভিযান আৰম্ভ কৰিছিল ৷ হোজাইৰ বন বিষয়া পুলক চৌধুৰীৰ নেতৃত্বত যোৱা পৰুহী বন বিভাগৰ বিষয়া-কৰ্মচাৰী সকলে অভিযান চলাই বৃহৎ পৰিমানৰ চুৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় ৷ কৰৈ, আহৈ, শিখাৰু আদি বিভিন্ন ধৰণৰ মূল্যবান কাঠখিনি জব্দ কৰি বন বিভাগে নখুটিৰ বিট অফিচত ৰাখিছে ৷ জব্দকৃত কাঠখিনিৰ অনুমানিক বজাৰ মূল্য দুই-আঢ়ৈ লাখ টকা হব বুলি অনুমান কৰা হৈছে ৷ এই কাঠখিনি একাংশ অসাধু ব্যৱসায়ীয়ে কাৰ্বি আংলং জিলাৰ পৰা অনা বুলি বন বিভাগে সন্দেহ কৰিছে ৷ ইপিনে, কালি ডবকাৰ লংলিবস্তি আৰু দক্ষিন নোৱাবিল গাঁৱৰ পৰা বন বিভাগে এক গোপন অভিযান চলাই দুটা পৃথক স্থানৰ পৰা অবৈধ কাঠফলা মিল দুটা উৎখাত কৰিবলৈ সক্ষম হয় ৷
মিল দুটা বন বিভাগে জব্দ কৰিছে যদিও কোনো লোকক আটক কৰিব পৰা নাই ৷ হোজাইৰ ডিএফঅ' পুলক কুমাৰ চৌধুৰীয়ে জনোৱা মতে, আজিও বন বিভাগে হোজাইৰ বিভিন্ন স্থানত চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ নখুটি আৰু ডবকাত পৃথক স্থানত বন বিভাগে চলোৱা সফল অভিযানৰ বাবে স্থানীয় ৰাইজে বন বিভাগক ভূয়সী প্ৰশংসা কৰিছে, লগতে অসাধু চোৰাং কাঠ ব্যৱসায়ী আৰু চোৰাংকৈ ঘৰ,পথাৰত কাঠফলা মিল বহুৱাই ৰমৰমীয়া ব্যৱসায় চলোৱা দুষ্ট চক্ৰৰ লগতে অবৈধ শিল, বালি ব্যৱসায়ী সকলৰ বিৰুদ্ধে বন বিভাগে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনাইছে ৷
No comments