Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বোকাজানত ভয়াবহ পথ দুৰ্ঘটনাঃ মৃত্যুঘাটিলৈ পৰিণত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ

গণ বাৰ্তা বোকাজান, ২৫ ডিচেম্বৰঃঃ-বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত পাকলাংছ'ত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থ...

গণ বাৰ্তা বোকাজান, ২৫ ডিচেম্বৰঃঃ-বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত পাকলাংছ'ত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা বালিৰ ট্ৰাকত এখন ব'লেৰ' গাড়ীয়ে পিছফালৰ পৰা প্ৰচণ্ড জোৰত খুন্দিওৱাৰ ফলত এক ভয়াবহ দুৰ্ঘটনা সংঘটিত হয়। ব'লেৰ' গাডীখনৰ গতিবেগ ইমানেই তীব্ৰ আছিল যে গাড়ীখনে ট্ৰাকখনৰ পিছফালে খুন্দিয়াই উফৰি গৈ কাষৰ পথাৰত পৰেগৈ। দুয়োখন গাড়ী ডিমাপুৰ অভিমুখে আহি আছিল। দুৰ্ঘটনাটোত ব'লেৰ'খনত অহা একেটা পৰিয়ালৰে চাৰিজন ব্যক্তি গুৰুতৰভাৱে আহত হয়। আহতসকলৰ ভিতৰত ডিমাপুৰৰ আবকাৰী বিভাগৰ এগৰাকী বিষয়াও আছিল। ঘটনাস্থলীত বোকাজান আৰক্ষী উপস্থিত হৈ আহতসকলক বোকাজান চিকিৎসালয়ত ভৰ্তি কৰাই। চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি চাৰিওগৰাকী আহত ব্যক্তিক ডিমাপুৰলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাত পতিত বলেৰ’খনৰ নম্বৰ এন এল-০৭ -এইচ-১২৮৪  আৰু ট্ৰাকৰখনৰ নম্বৰ  হৈছে এন এল-০৫-জি-০৮১০ । আনহাতে, আৰক্ষীয়ে ব'লেৰ'খনৰ পৰা এডাল হেণ্ডকাফো উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে  দীৰ্ঘদিনৰ পৰা বালিৰ ট্ৰাকসমূহে ৰাতি পিছফালৰ লাইট নজ্বলোৱাৰ বাবেই সঘনাই দূৰ্ঘটনা হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে। 

No comments