Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰাজ্যজুৰি কয়লা মাফিয়াৰ আয়কৰ বিভাগৰ অভিযানঃ বেলতলা, গণেশগুৰিত নবীন সিংঘলাৰ বাসগৃহত তালাচী

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৪ ডিচেম্বৰ ঃ দীৰ্ঘদিন ধৰি অসমৰ পৰা কয়লা বহিঃৰাজ্যলৈ অবৈধভাৱে কঢ়িয়াই নিয়াৰ অভিযোগ উত্থাপন হৈ থকাৰ লগতে কয়লা ছিণ্ডি...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৪ ডিচেম্বৰ ঃ দীৰ্ঘদিন ধৰি অসমৰ পৰা কয়লা বহিঃৰাজ্যলৈ অবৈধভাৱে কঢ়িয়াই নিয়াৰ অভিযোগ উত্থাপন হৈ থকাৰ লগতে কয়লা ছিণ্ডিকেট চলি থকাৰ অভিযোগ উত্থাপন হয়। উল্লেখ্য যে ৰাজ্যত বহিঃৰাজ্যৰ ব্যৱসায়ীয়ে দিল্লীত বহি বহিয়ে অবৈধভাৱে কয়লা সৰবৰাহ কৰি কোটি কোটি টকাৰ ৰাজহ ফাঁকি দি আছে যদিও দীৰ্ঘদিন ধৰি এই কয়লা মাফিয়াৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাছিল। লক্ষণীয় যে কেন্দ্ৰৰ সৈতে বিশেষ চিনাকি  থকাৰ  সুযোগ গ্ৰহণ কৰি দীৰ্ঘদিন ধৰি কয়লা মাফিয়া নবীন সিংঘালে দিল্লীত বহি বহিয়ে ৰাজ্যৰ পৰা শ শ কয়লাভৰ্তি ট্ৰাক বহিঃৰাজ্যলৈ সৰবৰাহ কৰি আহিছে। দিল্লীৰ সৈতে উঠা-বহা কৰা এইজন কয়লা মাফিয়াৰ বিৰুদ্ধে অসমেই নহয়, উত্তৰ-পূৰ্বাঞ্চলৰ মেঘালয়, অৰুণাচল প্ৰদেশকে ধৰি আন ৰাজ্যই আজিলৈকে মাত মাতিব পৰা নাছিল। 

এখন ট্ৰাকৰ চালানৰ বাবদ ছখনকৈ ট্ৰাক সৰবৰাহ কৰি কোটি কোটি টকাৰ ৰাজহ ফাঁকি দিয়াৰ অভিযোগ উত্থাপন হৈ আহিছে নবীন সিংঘালৰ বিৰুদ্ধে। আনহাতে ৰে’লযোগে কয়লা পঠিওৱাৰ সময়তো ভয়ংকৰ জালিয়াতি কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে এইজন কয়লা মাফিয়াৰ বিৰুদ্ধে। কিন্তু এইজন কয়লা মাফিয়াৰ বিৰুদ্ধে আজিলৈকে ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল যদিও আজি আয়কৰ বিভাগে কৰ ফাঁকিৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰা পৰিলক্ষিত হৈছে। লক্ষণীয় যে অকল নবীন সিংঘালেই নহয়, উজনি অসমৰ  কয়লা মাফিয়াৰ বিৰুদ্ধেও মাৰাথন অভিযান আৰম্ভ কৰিছে আয়কৰ বিভাগে। আজি গুৱাহাটীত আয়কৰ বিভাগে বেলতলাস্থিত ইউনিক প্লাজাত অভিযান চলাই তৃতীয় মহলাত থকা নবীন সিংঘালৰ কাৰ্যালয়ত তালাচী চলায়। 

উল্লেখ্য যে বেলতলাস্থিত ইউনিক প্লাজাত নবীন সিংঘালৰ মহালক্ষ্মী এণ্টাৰপ্ৰাইজ নামৰ এটা কাৰ্যালয় আছে। অকল মহালক্ষ্মী এণ্টাৰপ্ৰাইজেই নহয়, গণেশগুৰিৰ মাণিক নগৰত থকা ছিলভাৰ ৱাক নামৰ এপাৰ্টমেণ্টতো অভিযান চলায় আয়কৰ বিভাগে। এপাৰ্টমেণ্টৰ ৮০৩, ৮০৪ আৰু ৮০৯ নম্বৰৰ ফ্লেট তিনিটা সংযোগ কৰি সুবিশাল বাসগৃহ এটাত বসবাস কৰে কয়লা মাফিয়া নবীন সিংঘালে। তদুপৰি এপাৰ্টমেণ্টৰ ৭০৯ নম্বৰ ফ্লেটত আছে নবীন সিংঘালৰ আন এটা আৱাসিক কাৰ্যালয়। লক্ষণীয় যে আজি আয়কৰ বিভাগে এপাৰ্টমেণ্টত থকা সিংঘালৰ বাসগৃহ আৰু কাৰ্যালয় উভয়তে অভিযান চলায়। পুৱা ১০ বজাৰ পৰা আয়কৰ বিভাগে দুৱাৰ বন্ধ কৰি অভিযান আৰম্ভ কৰে আৰু বাতৰি লিখা পৰলৈকে অভিযান অব্যাহত আছে। 

আনহাতে কালি নবীন সিংঘাল আৰু পত্নী দিল্লীলৈ উৰা মৰাত পুত্ৰৰ উপস্থিতিত অভিযান চলায় আয়কৰ বিভাগে। কোটি কোটি টকাৰ ৰাজহ ফাঁকি দিয়াৰ অভিযোগ উত্থাপন হৈ থকা এই কয়লা মাফিয়াৰ বিৰুদ্ধে এতিয়ালৈকে অভিযানকালত তথ্য লাভ কৰিছে নে নাই জানিব পৰা হোৱা নাই যদিও অভিযানৰ অন্ত পৰাৰ লগে লগে জোলোঙাৰ মেকুৰী ওলাই পৰাটো একপ্ৰকাৰ নিশ্চিত। আনহাতে অকল গুৱাহাটীতেই নহয়, ডিগবৈৰ কয়লা মাফিয়া সত্যনাৰায়ণ আগৰৱালা আৰু মাৰ্ঘেৰিটাৰ পংকজ শৰ্মাৰ বাসগৃহ আৰু কাৰ্যালয়তো আজি অভিযান চলাইছে আয়কৰ বিভাগে।

সত্যনাৰায়ণ আগৰৱালৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান

গণ বাৰ্তা, ডিব্ৰুগড়, ৪ ডিগবৈ ঃ তৈলনগৰী ডিগবৈ চহৰৰ  অবৈধ ব্যৱসায়ী নামেৰে খ্যাত সত্যনাৰায়ণ আগৰৱালাৰ বাসগৃহত আজি পুৱা প্ৰায় ৮.৪৫ বজাৰ পৰা আয়কৰ বিভাগৰ তৰফৰ পৰা এক অভিযান চলায়।উল্লেখ্য যে ডিগবৈ চহৰৰ মাজমজিয়াত অৱস্থিত আগৰৱালা নাৰ্ছিং হ’মৰ স্বত্বাধিকাৰী তথা অবৈধ কয়লাৰ লগতে আন আন ক’লা বেপাৰৰ লগত নাম জড়িত থকা, বহু বিতৰ্কিত ব্যৱসায়ী সত্য নাৰায়ণ আগৰৱালাৰ বিশালকায় অট্টালিকাত আয়কৰ বিভাগৰ অভিযান কালছোৱাত সাধাৰণ লোকৰ প্ৰৱেশ নিষেধ কৰে। অৰুণাচল প্ৰদেশৰ খাৰছাং আৰু লিডুৰ বিভিন্ন কয়লা খনিৰ অবৈধ কয়লা ব্যৱসায়ত জড়িত সত্যনাৰায়ণ আগৰৱালাৰ নাম সততে বাতৰি শিৰোনাম দখল কৰি থকাৰ সময়তে আয়কৰ বিভাগৰ তৰফৰ পৰা অভিযোগ চলোৱাৰ কথাই ডিগবৈ চহৰৰ সমাজ সচেতন মহলৰ মাজত তীব্ৰ উৎকণ্ঠাৰ সৃষ্টি কৰিছে। 

কি তথ্যৰ ভিত্তিত বহু বিতৰ্কিত ব্যৱসায়ী সত্যনাৰায়ণ আগৰৱালাৰ বাসগৃহত আয়কৰ বিভাগে অভিযান চলাইছে, কোনো বিষয়াই নিজ মুখেৰে প্ৰকাশ কৰিবলৈ অপাৰগ প্ৰকাশ কৰাৰ লগতে বাতৰি লিখা পৰ্যন্ত প্ৰায় আঠ ঘন্টা জোৰা অভিযান কালত কি কি সন্দেহজনক তথ্য জব্দ কৰিবলৈ সক্ষম হৈছে, জানিবলৈ সক্ষম হোৱা নাই যদিও এক বিশ্বস্ত সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, আয়কৰ বিভাগে সত্যনাৰায়ণ আগৰৱালাৰ বাসগৃহত অভিযান চলাই কেইবা কোটি নগদ টকাসহ আপত্তিজনক নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে।সত্যনাৰায়ণ আগৰৱালাৰ শাসকীয় চৰকাৰৰ মন্ত্ৰী, বিষয়া, আমোলাৰ স’তে ঘনিষ্ঠতা থকাৰ কথা সততে সামাজিক মাধ্যমৰ জৰিয়তে পোহৰলৈ অহাক লৈ, আয়কৰ বিভাগে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাক্‌মুহূৰ্তত অভিযান চলাই, সচেতন লোকৰ লগতে বিভিন্ন সময়ত বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হোৱা সত্যনাৰায়ণ আগৰৱালাৰ বাসগৃহত অভিযান চলাই সত্য আৰু শূন্য সহনশীলতাৰ পৰিচয় দিছে নে ভেঁকোভাওনা দেখুৱাইছে, পৰৱৰ্তী সময়তহে স্পষ্ট হ’ব।

No comments