গণবাৰ্তা বিশেষ, যোৰহাট ২৯ ডিচেম্বৰ: যোৰহাটৰ নিমাতী ঘাটত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা| আজি দুপৰীয়া এজন যুৱক ব্ৰহ্মপুত্ৰৰ পানীত সন্ধানহীন হয়| য...
গণবাৰ্তা বিশেষ, যোৰহাট ২৯ ডিচেম্বৰ: যোৰহাটৰ নিমাতী ঘাটত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা| আজি দুপৰীয়া এজন যুৱক ব্ৰহ্মপুত্ৰৰ পানীত সন্ধানহীন হয়| যুৱক জন যোৰহাট পি ডব্লিউ ডি কলনিৰ উপেন বৰাৰ পুত্ৰ দিগন্ত বৰা(২৬) বুলি জানিব পৰা গৈছে| কেনেকৈ দিগন্ত পানীত পৰিল সেয়া এক ৰহস্য হৈ আছে যদিও সমগ্ৰ ঘটনা এক আত্মহত্যাৰ ঘটনা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে| ঘটনাৰ বিষয়ে আৰক্ষীক খবৰ দিয়া পিছতে ঘটনাস্থলীত এচ ডি আৰ এফৰ ডুবাৰু উপস্থিত হৈ যুৱক জনৰ সন্ধানত অভিযান চলাইছে যদিও এই পৰ্য্যন্ত যুৱক জনক উদ্ধাৰ কৰিব পৰা হোৱা নাই |
No comments