গণ বাৰ্তা বিশেষ,পল্লাৰপাৰ,১৫ ডিচেম্বৰ: বজালী মহকুমাৰ অন্তৰ্গত সৰুপেটা ৰাজহ চক্ৰৰ অধীনৰ শুকমানাহ,মাজগাঁৱ,অনন্দপুৰ,ধুপা লপাৰা,গলিয়া, পূৰ্ব ...
গণ বাৰ্তা বিশেষ,পল্লাৰপাৰ,১৫ ডিচেম্বৰ: বজালী মহকুমাৰ অন্তৰ্গত সৰুপেটা ৰাজহ চক্ৰৰ অধীনৰ শুকমানাহ,মাজগাঁৱ,অনন্দপুৰ,ধুপা
বৈঠকত উপস্থিত থাকে মহকুমাধিপতি নয়নজ্যোতি ভাগৱতী,সৰুপেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰাঞ্জল কোৱৰ, লাট মণ্ডল নৱ চৌধুৰী, ২৬ নং নিজ ভৱানীপুৰ জিলা পৰিষদৰ সদস্যা ৰাসিনা সৰকাৰ, বজালী জিলা আমছুৰ উপ সভাপতি আমিনুৰ ৰহমান, সাংবাদিক শ্বফিকুল ইছলাম, শুকমানাহ গাঁৱৰ গাঁওবুঢ়া ৰেজ্জাক আলী, দক্ষিণহাটী গাৱৰ গাঁওবুঢ়া গগেন দাসৰ লগতে পশ্চিম ভৱানীপুৰৰ কেইবাজনো সচেতন খেতিয়ক উপস্থিত থাকি জলন্ত সমস্যাটো বিজ্ঞান সন্মত সমাধানৰ ক্ষেত্ৰত সকলোৱে পৰামৰ্শমূলক বক্তব্য দাঙি ধৰে। বৈঠকৰ অন্তত মহকুমাধিপতি নয়নজ্যোতি ভাগৱতীয়ে সমস্যাটো সম্পৰ্কে ইতিবাচক সহাৰি দিয়ে আৰু কয় সমস্যাটো থুল-মূল ভাৱে সমাধান কৰিলে ন'হব, চলিত ডিচেম্বৰ মাহৰ শেষৰ ভাগত চৰকাৰী বিভিন্ন বিভাগৰ বিশেষজ্ঞ সকলক লগত লৈ আমি আটাইয়ে পুনৰ আলোচনাত মিলিত হৈ ইয়াৰ এক স্থায়ী সমাধান উলিয়াব লাগিব এই বুলি আশ্বাস প্ৰদান কৰে মহকুমাধিপতি গৰাকীয়ে।
No comments