গণ বাৰ্তা, গোসাঁইগাঁও, ১৯ ডিচেম্বৰঃ গোসাঁইগাঁও মহকুমাৰ সাপকাটা আৰক্ষী চকীৰ অন্তৰ্গত ২ নং বুঢ়ীচাটাম গাঁৱত শনিবাৰে পুত্ৰৰ হাতত জন্মদাতা পিতৃ...
গণ বাৰ্তা, গোসাঁইগাঁও, ১৯ ডিচেম্বৰঃ গোসাঁইগাঁও মহকুমাৰ সাপকাটা আৰক্ষী চকীৰ অন্তৰ্গত ২ নং বুঢ়ীচাটাম গাঁৱত শনিবাৰে পুত্ৰৰ হাতত জন্মদাতা পিতৃ নিহত হোৱা এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ মহকুমাটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। শনিবাৰে পুৱা ৯ মান বজাত নিজ গৃহত সংঘটিত উক্ত ঘটনাটোত ৰেজ্জাক আলী (৪৫) নামৰ পাষণ্ডটোৱে নিজৰ বৃদ্ধ পিতৃ হাসমত আলী (৭৪) ক দাৰে ঘপিয়াই হত্যা কৰে। ঘটনাৰ বিৱৰণি মতে বাৰীৰ বাঁহ কটাক কেন্দ্ৰ কৰি পিতা-পুত্ৰৰ মাজত মতানৈক্য হোৱাত দুয়োৰে মাজত প্ৰচণ্ড কাজিয়াৰ সূত্ৰপাত ঘটে। শিল ভঙা শ্ৰমিক হিচাপে জীৱন নিৰ্বাহ কৰা পাষণ্ড পুত্ৰ ৰেজ্জাক আলীয়ে হিতাহিত জ্ঞান হেৰুৱাই হাতত থকা দাখনেৰে বৃদ্ধ পিতৃক দেহ তথা ডিঙিৰ বিভিন্ন স্থানত উপৰ্যুপৰি ঘপিওৱাৰ ফলত পিতৃ হাসমত আলী ঘটনাস্থলীতে নিহত হয় । আনহাতে পিতা-পুত্ৰৰ কাজিয়া ভাঙিবলৈ অহা সতীয়া মাতৃ আজিৰণ বিবিকো ৰেজ্জাকে দেহৰ বিভিন্ন অংশত একেখন দাৰে ঘপিওৱাত মহিলাগৰাকীও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ সংকটজনক অৱস্থাত সম্প্ৰতি গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ঘটনা সংঘটিত কৰিয়েই হত্যাকাৰী ৰেজ্জাকে ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা কৰে যদিও ইতিমধ্যে উক্ত স্থানত সমবেত হোৱা ওচৰ -চুবুৰীয়াই হত্যাকাৰীক কৰায়ত্ব কৰি আৰক্ষীক চমজাই দিয়ে। আৰক্ষীয়ে হত্যাকাৰী ৰেজ্জাকক আটক কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰিছে ।
No comments