গণবাৰ্তা বিশেষ,মুকালমুৱা: ৰাজ্য সভাৰ সাংসদ তথা আঞ্চলিক গণ মৰ্চাৰ মুখ্য আহ্বায়ক অজিত কুমাৰ ভূঞাই সৰ্বসাধাৰণ ৰাইজৰ সুবিধাৰ্থে কভিদ-১৯ৰ পটভ...
গণবাৰ্তা বিশেষ,মুকালমুৱা: ৰাজ্য সভাৰ সাংসদ তথা আঞ্চলিক গণ মৰ্চাৰ মুখ্য আহ্বায়ক অজিত কুমাৰ ভূঞাই সৰ্বসাধাৰণ ৰাইজৰ সুবিধাৰ্থে কভিদ-১৯ৰ পটভূমিত ইমানদিনে বন্ধ কৰি ৰখা অসমৰ যাত্ৰীবাহী ৰে'ল সমুহৰ চলাচল শীঘ্ৰে পুনৰ নিয়মীয়া কৰিবলৈ কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী পিয়ুশ গোৱেলক দাবী জনাইছে। কালি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীলৈ প্ৰেৰণ কৰা এখন জৰুৰী পত্ৰত শ্ৰী ভূঞাই বিভিন্ন স্তৰৰ কৰ্মচাৰী,ছাত্ৰ-ছাত্ৰী, আৰু ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ স্থানীয় যাত্ৰীবাহী ৰে'লগাড়ী সমুহ বন্ধ ৰখাৰ পৰিপ্ৰেক্ষিতত ভয়ানক অসুবিধাৰ সন্মুখীন হৈছে বুলি উল্লেখ কৰি কয় যে- কভিদ-১৯ৰ পটভূমিত লকডাউনৰ বাবে চৰকাৰে স্থানীয় ৰে'লসমুহ বন্ধ ৰাখিছিল যদিও এতিয়া অৱস্থাৰ উন্নতি হৈছে আৰু লকডাউন প্ৰত্যাহাৰ হৈছে।তেনেস্থলত অসমৰ সৰ্বসাধাৰণৰ যাতায়তৰ মাধ্যম এই স্থানীয় ৰে'লগাড়ী সমুহ এতিয়াও বন্ধ কৰি ৰখাৰ কোনো যুক্তি থাকিব নোৱাৰে। সেয়ে অতি শীঘ্ৰে অসমৰ সমুহ স্থানীয় যাত্ৰীবাহী ৰে'লৰ চলাচল মুকলি কৰি দিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাংসদগৰাকীয়ে আহ্বান জনোৱা বুলি আঞ্চলিক গণমৰ্চাৰ সমন্বয়ক মনজিৎ মহন্তই এক প্ৰেছ বিজ্ঞপ্তি যোগে সাংবাদিকক জানিবলৈ দিছে।
No comments