গণ বাৰ্তা বিশেষ,গোলাঘাট,১৯ ডিচেম্বৰ : গোলাঘাটৰ বিধায়িকা অজন্তা নেওগক গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা অপসাৰণ। অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে...
গণ বাৰ্তা বিশেষ,গোলাঘাট,১৯ ডিচেম্বৰ : গোলাঘাটৰ বিধায়িকা অজন্তা নেওগক গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা অপসাৰণ। অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে এক নিৰ্দেশ যোগে ততৎকালে বলবৎ হোৱাকৈ কৰে এই অপসাৰণ । অপসাৰণৰ পাছতে বিধায়ক ৰূপজ্যোতি কুৰ্মী গোলাঘাটত উপস্থিত হৈ অজন্তা নেওগৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰা দেখা যায় । ৰূপজ্যোতি কুৰ্মীয়ে প্ৰাক্তন কংগ্ৰেছী নেত্ৰী গৰাকীৰ ওপৰত অভিযোগ উত্থাপন কৰি এই বুলি মন্তব্য কৰে যে অজন্তা নেওগে কংগ্ৰেছৰ দিনত হোটেল ল'লে, জীম খুলিলে, হেঙেৰাবাৰীত মাটি ল'লে, জি এম চি এইচ ৰ ওচৰত মাটি ল'লে, ফ্লেট কিনাৰ লগতে বহু দুৰ্নীতি কৰিলে। আৰু বিজেপিয়ে দুৰ্নীতিৰ ফাইল খোলাৰ ভয়ত বিজেপিলৈ গমণ অজন্তা নেওগৰ।
নতুন বছৰত কংগ্ৰেছ দল নতুন ৰূপত উদ্ভাসিত হোৱাটো বিচাৰে বুলি কৈ ৰূপজ্যোতি কুৰ্মীয়ে উল্লেখ কৰে । এ পি চিচিৰ সভাপতি কোন হয় নাজানো কিন্তু সলনি হব । অজন্তা নেওগৰ পাছত ৰাজদ্বীপ গোৱালা বিজেপিলৈ যাব বুলিও মন্তব্য কৰে ৰূপজ্যোতি কুৰ্মীয়ে l ৰূপজ্যোতি কুৰ্মী,দেৱব্ৰত শইকীয়া, ৰ'জলীনা তিৰ্কী বি জে পিলৈ যাব নেকি বুলি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কোনো কাৰণতেই তিনিওজন কংগ্ৰেছ দল ত্যাগ নকৰে বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে । কংগ্ৰেছ দল আমাৰ মাতৃ ,মাতৃৰ এতিয়া অসুখ হৈছে এনে অৱস্থাত নিৰ্লজ,চৰিত্ৰহীন সকলেহে মাকক এৰি পৰিয়াল ত্যাগ কৰে বুলিও তীব্ৰ সমালোচনা কৰে বিধায়িকা অজন্তা নেওগক।
Accha
ReplyDelete