টিহু , ৩১ ডিচেম্বৰ : বৰপেটা জিলাৰ হাউলী হাইস্কুলৰ অৱসৰী শিক্ষক , সমাজকৰ্মী, সমাজহিতৈষী হাউলীৰ মৈৰামাৰা নিবাসী হৰিমোহন শৰ্মা...
টিহু , ৩১ ডিচেম্বৰ : বৰপেটা জিলাৰ হাউলী হাইস্কুলৰ অৱসৰী শিক্ষক , সমাজকৰ্মী, সমাজহিতৈষী হাউলীৰ মৈৰামাৰা নিবাসী হৰিমোহন শৰ্মাৰ প্ৰথম মৃত্যু বাৰ্ষিকীত " হৰি ভকতি" শীৰ্ষক সোৱৰণি গ্ৰন্থ এখন আজি উন্মোচন কৰে অবসৰী শিক্ষক তথা প্ৰবীন সাংবাদিক মহেন্দ্ৰ নাথ শৰ্মাই । প্ৰয়াত হৰিমোহন শৰ্মাৰ নিজ বাস ভৱনত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত অংশ লৈ বি এইচ মহাবিদ্যালয়ৰ অধ্যাপিকা ড: ধীৰা ভট্টাচাৰ্য, বৰনগৰ মহাবিদ্যালয়ৰ অধ্যাপক ড: যগদীশ শৰ্মা, অবসৰী শিক্ষক প্ৰমোদ শৰ্মা, হৰেন শৰ্মা , সমাজকৰ্মী উদয় গোস্বামী আদি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে প্ৰয়াত হৰিমোহন শৰ্মাৰ গুণানুকীৰ্তন কৰি সান্নিধ্যৰ বিষয়ে ব্যক্ত কৰে । গ্ৰন্থ উন্মোচনী সভাৰ আৰম্ভণিতে শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে তেখেতৰ সহধৰ্মিণী ৰাজুবালা দেৱীয়ে আৰু পুত্ৰ-বোৱাৰী সহ পৰিয়াল বৰ্গই পুষ্পাঞ্জলী প্ৰদান কৰে । সাংবাদিক কিশোৰজ্যোতি শৰ্মাৰ সম্পাদনাত প্ৰকাশিত গ্ৰন্থ উন্মোচনী সভাৰ আতধৰে সাংবাদিক ৰূপ কুমাৰ শৰ্মাই ।
No comments