Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শুক্লেশ্বৰ কলিতাৰ বিদায় সম্বৰ্ধনা সভা

  গণ বাৰ্তা হাজো ২৭ ডিচেম্বৰ: বিগত ৩০ নৱেম্বৰ ২০২০ ত হাজোৰ পদ্মৰাম ভৰালী হাইস্কুলৰ পৰা অৱসৰ গ্ৰহণ কৰা প্ৰধান শিক্ষক শুক্লেশ্বৰ কলিতাৰ বিদায় ...

 


গণ বাৰ্তা হাজো ২৭ ডিচেম্বৰ: বিগত ৩০ নৱেম্বৰ ২০২০ ত হাজোৰ পদ্মৰাম ভৰালী হাইস্কুলৰ পৰা অৱসৰ গ্ৰহণ কৰা প্ৰধান শিক্ষক শুক্লেশ্বৰ কলিতাৰ বিদায় সম্বৰ্ধনা সভাখন আজি অনুষ্ঠিত হয়। পদ্মৰাম ভৰালী হাইস্কুল প্ৰাংগণত বিশিষ্ট শিক্ষাবিদ ৰমেশ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত অৱসৰী প্ৰধান শিক্ষক গৰাকীক বিদ্যালয় পৰিচালনা সমিতি, ছাত্ৰ ছাত্ৰী,প্ৰাক্তন ছাত্র ছাত্ৰী,১৯৭৭ বৰ্ষৰ বামুন্দী হাইস্কুলৰ সতীৰ্থ বৃন্দ, বৰ্তমানৰ বিদ্যালয় প্ৰধান মহেশ কলিতাৰ লগতে ব্যক্তি বিশেষে ফুলাম গামোচা,ফুলৰ মালা, শৰাই, পিতলৰ জাপি, মানপত্ৰ আদিৰে বিপুল ভাবে সম্বৰ্ধনা জ্ঞাপন কৰে।সভাত উপস্থিত থাকি এমট্ৰনৰ উপ প্ৰবন্ধক তথা বিশিষ্ট সমাজ কৰ্মী দিনমনি ভাণ্ডাৰ কায়স্থই গ্ৰামাঞ্চলৰ শিক্ষকতা জীৱনৰ ওপৰত কিছু আলোকপাত কৰি অৱসৰী প্ৰধান শিক্ষক শুক্লেশ্বৰ কলিতাৰ এতিয়াৰে পৰা নতুন জীৱন আৰম্ভ হোৱা বুলি ভাষণত প্ৰকাশ কৰে। ভাৰতীয় শিক্ষা ব্যৱস্থাৰ ওপৰত কিছু ব্যাখ্যা আগবঢ়াই ব্যৱহাৰীক শিক্ষা আহৰণত গুৰুত্ব প্ৰদান কৰিবলৈ তেওঁ ছাত্র ছাত্ৰী সকলক আহ্বান জনায়।সভাত বিশিষ্ট শিক্ষাবিদ সূৰ্য কান্ত কলিতা, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্ৰচাৰ প্ৰমুখ শংকৰ দাস ,উপেন দাস,দেৱেন দাস,বিদ্যালয় প্ৰধান মহেশ কলিতা প্ৰমুখ্যে ভালেকেইগৰাকী ব্যক্তিয়ে বিদায়ী ভাষণ প্ৰদান কৰে।

No comments