১১ ডিচেম্বৰ : ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে দৰং জিলাৰ সদৰ স্থান মঙলদৈ নগৰতো আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিয়ে '...
১১ ডিচেম্বৰ : ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে দৰং জিলাৰ সদৰ স্থান মঙলদৈ নগৰতো আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিয়ে 'কা' আইনৰ বিৰোধিতা কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। 'শ্বহীদৰ কেঁচা তেজ অথলে যাৱলৈ দিয়া নহ’ব'- শীৰ্ষক শ্লোগানেৰে মঙলদৈৰ ৰাজ পথত পুনৰ নামিল অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ৷ দৰং জিলা সমিতি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আজি মঙলদৈৰ জিলা পুথিভঁৰালৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত 'কা' আইনৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদল উলিয়ায় । প্ৰতিবাদকাৰী সকলে' 'কা' আইন বাতিল কৰক', 'বিজেপি গ' বেক' আদি শ্লোগান দি মঙলদৈৰ ৰাজপথ উত্তাল কৰি তোলে । জিলা খনত বলবৎ হৈ থকা ১৪৪ ধাৰাৰ পৰিপেক্ষিতত প্ৰশাসনে যুৱছাত্ৰ পৰিষদৰ এই প্ৰতিবাদী সমদলক বেআইনী ঘোষণা কৰি প্ৰতিবাদকাৰী সকলক আটক কৰে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত যুৱছাত্ৰ পৰিষদৰ শতাধিক ছাত্ৰ কৰ্মী, জিলাৰ সভাপতি সম্পাদকৰ লগতে উপদেষ্টা ভৱেশ কাকতি উপস্থিত থাকে।উপদেষ্টা ভবেশ কাকতিয়ে চৰকাৰে স্বৈৰাচাৰী শাসন ব্যবস্থাৰে গণতান্ত্ৰিক আন্দোলনক মষিমূৰ কৰিব বিচৰা কাৰ্য্যক গৰিহণা দিয়ে । ইপিনে যুৱছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক চন্দন শইকীয়াই অতি শীঘ্ৰে চৰকাৰে 'কা' বাতিল নকৰিলে পৰৱৰ্তী পৰ্যায়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ।
No comments