Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিজেপি বিধায়ক ৰমাকান্ত দেউৰীৰ সকলো বাধা ওফৰাই প্ৰাক্তন মূখ্য কাৰ্যবাহী সদস্য পৱন মান্তাই বিজয়ী

বাবু মনি শৰ্মা,  মৰিগাঁও,১৯ ডিচেম্বৰ: মৰিগাঁও সমষ্টিৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰী আৰু প্ৰাক্তন তিৱা স্বায়ত্ব পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য...


বাবু মনি শৰ্মা, মৰিগাঁও,১৯ ডিচেম্বৰ: মৰিগাঁও সমষ্টিৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰী আৰু প্ৰাক্তন তিৱা স্বায়ত্ব পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য পৱন মান্তাৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা ক্ষমতা কেন্দ্ৰীক ৰাজনৈতিক খণ্ডযুদ্ধ বৰ্তমান সময়লৈকে অব্যাহত আছে। তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ ভোট বিভাজন কৰা উদ্দেশ্যে বিধায়ক ৰমাকান্ত দেউৰীয়ে পৱন মান্তাৰ বিৰুদ্ধে অগপ প্ৰাৰ্থী নিৰজ বৰদলৈক থিয় কৰায় তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। কিন্তু তাৰ মাজতো ৯ নং দমাল পৰিষদীয় সমষ্টিত মুঠ৫৮৬৫টা ভোট দানেৰে বিজেপি প্ৰাৰ্থী প্ৰৱন মান্তাই ৩২৬৩ টা ভোট লাভ কৰি জয়ী হ'বলৈ সক্ষম হোৱাৰ বিপৰীতে অগপ প্ৰাৰ্থী নিৰজ বৰদলৈয়ে ১৭৩৬ টা ভোট লাভ কৰে। ইপিনে, বিধায়ক ৰমাকান্ত দেউৰীৰ চিৰবৈৰী পৱন মান্তাই বিধায়ক ৰমাকান্ত দেউৰীৰ সকলো বাধা ওফৰাই হেলাৰঙে বিজয় সাব্যস্ত কৰাতো ৰাজনৈতিক মহলত তাপৰ্যপূৰ্ণ দিশ হিচাপে বিবেচিত হৈছে।

No comments