গণ বাৰ্তা বিশেষ কলগাছিয়া ৯ ডিচেম্বৰ : ২০২১ চনত হবলগীয়া অসম বিধান সভাৰ নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে জনীয়া সমষ্টিত বিভিন্ন ৰাজনৈতিক দল...
গণ বাৰ্তা বিশেষ কলগাছিয়া ৯ ডিচেম্বৰ : ২০২১ চনত হবলগীয়া অসম বিধান সভাৰ নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে জনীয়া সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ মাজত নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। এ আই ইউ ডি এফৰ একমাত্ৰ প্ৰাৰ্থী ড০ হাফিজ ৰফিকুল ইছলামে সমষ্টিটো পুনৰ দখলৰ বাবে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে। ইতিমধ্যে দলটোৰ সাংগঠনিক ভেটি মজবুত কৰাৰ বাবে এ আই ইউ ডি এফৰ সমষ্টি কমিটিৰ উদ্যোগত প্ৰতিটো ওৱাৰ্ডে ওৱাৰ্ডে দিনে নিশাই সভা সমিতি কৰি ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। কংগ্ৰেছৰ লগত মিত্ৰতা হলেও বা নহলেও ২০২১ চনৰ নিৰ্বাচনৰ বাবে এ আই ইউ ডি এফ সদায় সাজু আছে বুলি দলীয় সুত্ৰই এই প্ৰতিবেদকক জানিবলৈ দিছে। ইফালে কংগ্ৰেছৰ প্ৰাৰ্থীত্বৰ দৌৰত উচ্চ শিক্ষা সন্চালক দেলোৱাৰ হুছাইন, প্ৰাক্তন বিধায়ক আব্দুছ ছোবাহান, বৰপেটা জিলা পৰিষদৰ উপ সভাপতি ছামচুল হক, বৰপেটা জিলা পৰিষদৰ প্ৰাক্তন সভাপতি মজিবৰ ৰহমান খান, দেৱান আৰশ্বাদ আলী আহমেদ, ড০ ইউছুফ হুছাইন, এডভোকেট হবিবৰ ৰহমানেও জোৰদাৰ অভিযান চলাই আছে ।কংগ্ৰেছৰ সাংগঠনিক ভেটি মজবুত কৰাৰ বাবে পন্চায়ত ভিত্তিত সভা সমিতি কৰি থকা পৰিলক্ষিত হৈছে। আনহাতে বিজেপিৰ প্ৰাৰ্থীত্বৰ দৌৰত আগবাঢ়িছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা, লেখক শ্বহিদুল ইছলামে । জনীয়া সমষ্টিত বিজেপিৰ প্ৰাৰ্থীত্বৰ তালিকাত শ্বহিদুল ইছলামৰ নাম চুড়ান্ত হোৱাৰ পুৰ্ণসম্ভাৱনা আছে ।ইফালে সমষ্টিটোত ৰাইজৰ দল, অসম জাতীয় পৰিষদ, ৰাষ্ট্ৰীয় জনতা দলৰ উপৰিও কেবাজন নিৰ্দ্দলীয় প্ৰাৰ্থী প্ৰতিদ্বন্দিতা কৰাৰ জো যা চলাই আছে বুলি জানিব পৰা গৈছে।
No comments