গণ বাৰ্তা খাৰুপেটীয়া ১৯ ডিচেম্বৰ # দৰঙৰ দলগাও থানাৰ অন্তৰ্গত জামালপুৰ গাৱৰ মৃত ছোবাহান আলীৰ বিবাহিতা পুত্ৰ মহিৰুদ্দিন আহমেদ (২৫) যোৱা আঠ ...
গণ বাৰ্তা খাৰুপেটীয়া ১৯ ডিচেম্বৰ # দৰঙৰ দলগাও থানাৰ অন্তৰ্গত জামালপুৰ গাৱৰ মৃত ছোবাহান আলীৰ বিবাহিতা পুত্ৰ মহিৰুদ্দিন আহমেদ (২৫) যোৱা আঠ দিনে সন্ধানহীন হৈ আছে । যোৱা ১২/১২/২০ তাৰিখে দলগাৱৰ নাওৰাসিচা গাওস্হিত শশুৰেক আব্দুল ৰহমানৰ ঘৰত ফুৰিবলৈ গৈছিল আৰু তাৰ পৰাই সন্ধাহীন হয় মহিৰুদ্দিন । পৰিয়ালৰ লোকে বিচাৰি নোপোৱাত যোৱা ১৬/১২/২০ তাৰিখে দলগাও থানাত এজাহাৰ দাখিল কৰে । আৰক্ষীয়ে তেওৰ অনুসন্ধান অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে কোনো সন্ধান পোৱা নাই মহিৰুদ্দিনৰ । কোনোবাই যুৱকজনৰ সন্ধান পালে 868894297 / 9864307021 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালে অনুৰোধ জনাইছে ।
No comments