Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অসম চাহ জনগোষ্ঠী জলহা যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল

  পংকজ কুমাৰ দাস,পশ্চিম যোৰহাট, ৩১ ডিচেম্বৰ: সদ্যসমাপ্ত বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনা প্ৰশ্ন-উত্তৰ কালত চাহ জনগোষ্ঠীৰ বাবে সংৰক্...

 


পংকজ কুমাৰ দাস,পশ্চিম যোৰহাট, ৩১ ডিচেম্বৰ: সদ্যসমাপ্ত বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনা প্ৰশ্ন-উত্তৰ কালত চাহ জনগোষ্ঠীৰ বাবে সংৰক্ষিত মেডিকেলৰ আসনত আন চাহ জনগোষ্ঠীৰ প্ৰাৰ্থী নামভৰ্তি হোৱা বুলি অভিযোগ উত্থাপন কৰিবলৈ গৈ জলহা নামৰ চাহ জনগোষ্ঠী নাই আৰু আজিৰ পৰা জলহা চাহ জনগোষ্ঠীৰ তালিকাৰ পৰা কৰ্তন কৰিব লাগে বুলি বিধায়ক দুৰ্গা ভূমিজে কৰা মন্তব্য আৰু কোনো কাৰণতে মানি ল'ব নোৱাৰে বুলি বিধায়ক তেৰচ গোৱালাই কৰা মন্তব্যক তীব্ৰ বিৰোধিতা কৰিছে চাহ জনগোষ্ঠীৰ অন্তৰ্ভুক্ত জলহা সম্প্ৰদায়ক নেতৃত্ব দিয়া সংগঠন অসম চাহ জনগোষ্ঠী জলহা যুৱ ছাত্ৰ পৰিষদে । এই সন্দৰ্ভত আজি পশ্চিম যোৰহাট সাংবাদিক সংস্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সংবাদমেলত সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জিতু আহমেদে কয়, বিধানসভাৰ মজিয়াত চাহ জনগোষ্ঠীৰ বিধায়ক দুৰ্গা ভূমিজ আৰু তেৰচ গোৱালাই জলহা সম্প্ৰদায়ক চাহ জনগোষ্ঠীৰ তালিকাৰ পৰা কৰ্তন কৰিবলৈ বিচৰা কাৰ্য দুৰ্ভাগ্যজনক বুলি কয় । সকলো জ্ঞাত যে, একাংশ ইছলাম ধৰ্মাৱলম্বী আলী, আহমেদ, হুছেইন, আনচাৰী, ৰহমান আদি লিখা জলহা সম্প্ৰদায় লোকসকলকো চাহ জনগোষ্ঠীৰ আন আন লোকসকলৰ দৰে ব্ৰিটিছে চাহ বাগিছাত কৰ্মৰত শ্ৰমিক হিচাপে কাম কৰিবলৈ গিৰিমিটিয়া আৰু কাঠিয়া চালানত ভাৰতৰ বিহাৰ, উৰিষ্যা, ঝাৰখণ্ড, পশ্চিম বংগ, মধ্যপ্ৰদেশ আদি ৰাজ্যৰ পৰা আমদানি কৰি আনিছিল । সম্প্ৰতি অসমৰ বিভিন্ন চাহ বাগিছাত এওঁলোকৰ একাংশই শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে আৰু একাংশই চাহ বাগিছাৰ পৰা আতঁৰি আহি গাওঁ বস্তি অঞ্চলত বিভিন্ন জীৱিকাৰে জীৱন নিৰ্বাহ কৰি আছে । উল্লেখ্য যে, ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত এই জলহা সম্প্ৰদায়ৰ লোকসকলকো অসম চৰকাৰৰ চিঠি নং TAD/BC/268/75/37 dtd 27 th November1975 ৰ এক নিৰ্দেশনাযোগে অতি অন্যান্য পিচপৰা জাতিৰ লগতে চাহ জনগোষ্ঠীৰ তালিকাত অন্তৰ্ভূক্ত কৰিছিল । কিন্তু পৰিতাপৰ কথা যে সকলো জ্ঞাত হয়ো বিধায়ক দুৰ্গা ভূমিজ আৰু তেৰচ গোৱালাই ধৰ্মৰ ভিত্তিত জলহাসকলক চাহ জনগোষ্ঠীৰ তালিকাৰ পৰা কৰ্তন কৰিবলৈ এক চক্ৰান্ত কৰিছে । ইয়াৰোপৰি সাধাৰণ সম্পাদক আহমেদে প্ৰশ্ন উত্থাপন কৰি কয় যে চাহ জনজাতি ছাত্ৰ সন্থাত আলী, আহমেদ, হুছেইন, ৰহমান লিখা জলহা সম্প্ৰদায়ৰ লোকে যদি প্ৰতিনিধিত্ব কৰিব পাৰে, অসম চাহ মজদুৰ সংঘত প্ৰতিনিধিত্ব কৰিব পাৰে তেন্তে কিয় চাহ জনগোষ্ঠীত কোনো আলী, আহমেদ নাই বুলি কয় চাহ জনগোষ্ঠীয় লোকক বিভ্ৰান্ত কৰিছে, এই কাৰ্য বন্ধ কৰিব লাগে । লগতে এই বুলিও কয় যে বিধানসভা দুৰ্গা ভূমিজ আৰু তেৰচ গোৱালাই আটছাক নেতৃত্ব দিয়া সময়ত কেইবাজনে আলী, আহমেদ, ৰহমান লিখা জলহা যুৱকে আটছা কৰিছিল কিন্তু তেতিয়া জলহা সকল চাহ জনগোষ্ঠীৰ নহয় বুলি ক'বলৈ বিচৰাতো বিধায়কদ্বয়ৰ দুমুখীয়া স্থিতি প্ৰকাশ পাইছে । গতিকে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ বিধায়ক ভূমিজ আৰু গোৱালাক নেতাজনে সকিয়াই দিছে । তদুপৰি এই সন্দৰ্ভত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ইউনুছ হুছেইনে কয় যে জলহা সম্প্ৰদায়ৰ লোকসকল চাহ জনগোষ্ঠীৰ আন আন লোকসকলৰ দৰেই বিভিন্ন চাহ বাগিছাত শ্ৰমিক হিচাপে কাম কৰি আছে । আন আন শ্ৰমিকসকলৰ দৰেই একে লাইনতে সহবাস কৰি জীৱন যাপন কৰি আছে । মন কৰিবলগীয়া যে, চাহ জনগোষ্ঠীৰ বিশিষ্ট লেখক তথা চাহ জনগোষ্ঠীৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰয়াত গণেশ চন্দ্ৰ কুৰ্মীৰ ''অসম চাহ জনগোষ্ঠী''- নৃগোষ্ঠী আৰু সামাজিক পৰিচয় গ্ৰন্থত জলহাসকল চাহ জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় বুলি স্পষ্টকৈ উল্লেখ আছে । তেনেস্থলত জলহাসকল চাহ জনগোষ্ঠীৰ নহয় বুলি ক'বলৈ বিচৰাটো তেওঁলোকৰ বাবে কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি কয় । অসম চাহ জনগোষ্ঠীৰ জলহা যুৱ ছাত্ৰ পৰিষদে ইয়াক তীব্ৰ বিৰোধিতা কৰে আৰু চাহ জনগোষ্ঠীৰ মাজত ভাগ ভাগ কৰা ষড়যন্ত্ৰ বন্ধ কৰিবলৈ সকীয়াই দিছে । অন্যথা তেওঁলোকৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ প্ৰতিবাদ গঢ়ি তোলা হ'ব । তেওঁ লগতে কয় যে চাহ জনগোষ্ঠীৰ সংৰক্ষিত মেডিকেলৰ আসনত জনগোষ্ঠীৰ প্ৰাৰ্থী যদি অন্তৰ্ভুক্ত হৈছে তাৰ ওপৰত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে প্ৰকৃত চাহ জনগোষ্ঠীয় জলহা প্ৰাৰ্থী যাতে বঞ্চিত নহয় তাৰ প্ৰতি ব্যৱস্থা গ্ৰহণ কৰিবলৈও চৰকাৰক আহ্বান জনায়। আজিৰ এই সংবাদমেলত কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি আজিজুল হুছেইন, সহকাৰী সম্পাদক চাহিদ উল্লাহ, সাংগঠনিক সম্পাদক আব্দুল মুনাফ, যোৰহাট জিলাৰ সভাপতি আৰফান আলী, সম্পাদক চৰিফুল আলীসহ কেইবাজনো জিলা সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে।

No comments