গণ বাৰ্তা বিশেষ,পল্লাৰপাৰ,২৩ ডিচেম্বৰ: অসম চৰকাৰৰ লোক নিৰ্মান বিভাগৰ দ্বাৰা মঞ্জুৰিপ্ৰাপ্ত SOPDG ৰ ২০২০-২১ বিত্তীয় বৰ্ষৰ অধীনত মধ্য শুকমান...
গণ বাৰ্তা বিশেষ,পল্লাৰপাৰ,২৩ ডিচেম্বৰ: অসম চৰকাৰৰ লোক নিৰ্মান বিভাগৰ দ্বাৰা মঞ্জুৰিপ্ৰাপ্ত SOPDG ৰ ২০২০-২১ বিত্তীয় বৰ্ষৰ অধীনত মধ্য শুকমানাহ MPNA পথৰ পৰা গলিয়া-শুকমানাহ সংযোগী পথটো আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়। উক্ত পথৰ কাম শুভাৰম্ভ কৰে স্থানীয় বিধায়ক আবুল কালাম আজাদে। উল্লিখিত আচঁনিৰ অধীনত .৮৫০ মিটাৰ দৈৰ্ঘৰ পথটো মুঠ ৬৩ লাখ টকা ব্যায় সাপেক্ষে নিৰ্মান কৰা হ'ব। বিধায়ক গৰাকীয়ে পথটো শুভাৰম্ভ কৰি স্থানীয় ৰাইজক উদ্দেশ্যি কয় যে- পথটো নিৰ্মানৰ ক্ষেত্ৰত ইয়াৰ ৰাইজে ঠিকাদাৰৰ লগত সহযোগিতা আগবঢ়াব লাগিব তেতিয়াহে পথৰ কাম ভাল হ'ব লগতে কাম কৰাৰ সময়ত কোনেও যাতে অসুবিধাৰ সৃষ্টি নকৰে তাৰ বাবে ৰাইজক সুদৃষ্টি দিবলৈ সকলোকে আহ্বান জনায়। উল্লেখযোগ্য যে, পথটো দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকাৰ ফলত ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছিল যদিও ৰাজ্য চৰকাৰৰ লোক নিৰ্মান বিভাগৰ দ্বাৰা পথছোৱা নিৰ্মানৰ শুভাৰম্ভণি কৰাত গঞা ৰাইজে আনন্দিত হৈছে। আজিৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে বিভাগীয় অভিযন্তা মহেশ্বৰ নাথ,পথটোৰ নিবিদা লাভ কৰা ঠিকাদাৰ বিশ্বজিত মেধি,স্থানীয় সমাজকৰ্মী আলহাজ জাকিৰ হুছেইন খানৰ লগতে কেইবাগৰাকী বয়োজেষ্ঠ্য ব্যক্তি সম্বনিতে স্থানীয় ৰাইজ।
No comments