Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২-১ৰে টি-২০ ছিৰিজ দখল ভাৰতৰ

ছিড্‌নী, ৯ ডিচেম্বৰ ঃ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা তিনিখন মেচৰ টি-২০ ছিৰিজ কোহলী বাহিনীয়ে ২-১ৰে দখল কৰিছে। ছিড্‌নী ক্ৰিকেট গ্ৰাউ...

ছিড্‌নী, ৯ ডিচেম্বৰ ঃ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা তিনিখন মেচৰ টি-২০ ছিৰিজ কোহলী বাহিনীয়ে ২-১ৰে দখল কৰিছে। ছিড্‌নী ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা ছিৰিজৰ অন্তিমখন টি-২০ত ঘৰুৱা দল অষ্ট্ৰেলিয়াই ১২ ৰানৰ ব্যৱধানত জয়লাভ কৰে। কালি অনুষ্ঠিত হোৱা অন্তিমখন টি-২০ত ভাৰতীয় দলটোৱে টছক জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। সেই অনুসৰি অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে প্ৰথমে বেটিং কৰিবলৈ আহি নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৮৬ ৰান সংগ্ৰহ কৰে। সীমিত দৰ্শকৰ উপস্থিতিৰে অনুষ্ঠিত হোৱা মেচখনত অষ্ট্ৰেলিয়াৰ দলটোৰ হৈ আজি সৰ্বাধিক ৰান সংগ্ৰহ কৰে  মেথিউ ৱেডয়ে। তেওঁ ভাৰতৰ বিৰুদ্ধে দুৰ্দান্ত বেটিং প্ৰদৰ্শন দাঙি ধৰি  ৫৩ বলত ৮০ ৰান সংগ্ৰহ কৰে। আনহাতে দলটোৰ হৈ গ্লেন মেক্সৱেলে ৩৬ বলত ৫৪ আৰু ষ্টিভ স্মিথে ২৩ বলত ২৪ ৰান সংগ্ৰহ কৰে। মেচখনত ভাৰতৰ হৈ ৱাশ্বিংটন সুন্দৰে চাৰি অভাৰত ৩৪ৰান হেৰুৱাই দুটা উইকেট দখল কৰাৰ লগতে এন নটৰাজনে ৪ অভাৰত ৩৩ ৰান হেৰুৱাই আৰু  সাৰ্দুল ঠাকুৰে ৪ অভাৰত ৪৩ ৰান হেৰুৱাই এটা উইকেট দখল কৰে। অষ্ট্ৰেলিয়াই মেচখনত জয়ৰ বাবে বান্ধি দিয়া ৰানৰ লক্ষ্য আগত লৈ কোহলী বাহিনীয়ে বেটিং কৰিবলৈ আহি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই মাত্ৰ ১৭৪ ৰান সংগ্ৰহ সক্ষম হয়। যাৰ ফলত অষ্ট্ৰেলিয়াৰ হাতত ১২ ৰানৰ ব্যৱধানত পৰাস্ত হয় ভাৰতীয় দলটো। ভাৰতৰ হৈ বিৰাট কোহলীয়ে সৰ্বাধিক ৰান সংগ্ৰহ কৰে। তেওঁ ৬১ বলত ৮৫ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে শিখৰ ধাৱনে ২১ বলত ২৮ ৰান আৰু হাৰ্দিক পাণ্ডিয়াই ১৩ বলত ২০ ৰান সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ হৈ মিচেল ছুৱেছনে চাৰি অবাৰত ২৩ ৰান হেৰুৱাই তিনিটা উইকেট, গ্লেন মেক্সৱেলে তিনি অভাৰত ২০ ৰান হেৰুৱাই এটা উইকেট দখল কৰে। উল্লেখ্য যে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত টি-২০ ছিৰিজ অনুষ্ঠিত হোৱা পূৰ্বে তিনিখন মেচত এদিনীয়া ছিৰিজ অনুষ্ঠিত হৈছিল। সুদীৰ্ঘ ৮ মাহৰ পিছত বিদেশ ভ্ৰমণলৈ হোৱা ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ হাতত এদিনীয়া ছিৰিজ ২-১ৰে হেৰুৱাইছিল যদিও টি-২০ ছৰিজ ২-১ৰে দখল কৰিছে। সুদীৰ্ঘ ৮ মাহৰ পিছত প্ৰথমবাৰলৈ ভাৰতে বিদেশৰ ভূমিত ছিৰিজ দখল কৰিবলৈ সক্ষম হৈছে। আনহাতে ভাৰত আৰু অষ্ট্ৰলিয়াৰ মাজত এতিয়া ৪ খন মেচৰ টেষ্ট ছিৰিজ অনুষ্ঠিত হ’ব। এই টেষ্ট ছিৰিজ বিশ্ব টেষ্ট চেম্পিয়শ্বিপৰ অংশ হ’ব।

No comments