Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম লৈ লখিমপুৰত পুত্ৰ গৌৰৱ গগৈ ।

গণ বাৰ্তা বিশেষ লখিমপুৰ ,১৮ ডিচেম্বৰ  : দুদিনীয়া কাৰ্য্যসূচীৰে উত্তৰ অসমত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভস্ম ও ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অৰ্প...



গণ বাৰ্তা বিশেষ লখিমপুৰ ,১৮ ডিচেম্বৰ  : দুদিনীয়া কাৰ্য্যসূচীৰে উত্তৰ অসমত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভস্ম ও ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অৰ্পণ ও সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুস্থিত হয় । প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম লৈ উত্তৰ অসমৰ  বিশ্বনাথ,  বিহপুৰীয়া, ধেমাজিৰ পিছত  লখিমপুৰত পুত্ৰ গৌৰৱ গগৈ । লখিমপুৰ ত্যাগক্ষেত্ৰত জননেতা প্ৰয়াত তৰুণ গগৈৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান  অনুস্থিত হয় । বিসৰ্জনৰ পূৰ্বে লখিমপুৰৰ ত্যাগ ক্ষেত্ৰত প্ৰয়াত তৰুণ গগৈৰ প্ৰতিচ্ছবিত দলীয় নেতা-কৰ্মীৰ উপৰি অলেখ  গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । এই অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰকিবুল হুছেইন , প্ৰক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদ ৰানী নৰহ, প্ৰাক্তন মন্ত্ৰী তথা প্ৰাক্তন বিধায়ক ভৰত চন্দ্ৰ নৰহ, মাজুলীৰ প্ৰাক্তন বিধায়ক ৰাজীৱ লোচন পেগু ,  লখিমপুৰৰ প্ৰাক্তন বিধায়ক  ঘন বুঢ়াগোহাঁই , জিলা কংগ্ৰেছৰ সভাপতি জয়প্ৰকাশ দাসৰ লগতে বিভিন্ন  দ'ল সংগঠনটৰ নেতা-কৰ্মী -বিষয়ববীয়াই প্ৰয়াত নেতা গৰাকীক স্মৰণ কৰে ।  অগণন গুণমুগ্ধ লোকে  অস্থি অনা দলটোক ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে  সমদল কৰি আনে ত্যাগ ক্ষেত্ৰৰ বাকৰিলে  । ত্যাগ ক্ষেত্ৰৰ পৰা চিতাভষ্ম লৈ প্ৰয়াত তৰুণ গগৈৰ তণয় গৌৰৱ গগৈৰ লগত  প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ভৰত নৰহ , ৰাজ্যসভাৰ সাংসদ ৰাণী নৰহ, বিধায়ক ৰকিবুল হুছেইন, মাজুলীৰ প্ৰাক্তন বিধায়ক ৰাজীৱ লোচন পেগু,  জিলা কংগ্ৰেছৰ সভাপতি জয়প্ৰকাশ দাসৰ লগতে কংগ্ৰেছ দলৰ নেতা কৰ্মীয়ে লখিমপুৰ নগৰৰ মাজেৰে পদযাত্ৰ কৰি ৰঙানদীত বিষৰ্জনৰ  কাৰ্যসূচী ৰূপায়ণ কৰে । আনহাতে এই অনুষ্ঠানতে প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ আত্মাৰ সদ্গতি কামনা কৰি এক সৰ্ধৰ্বৰ্মীয় প্ৰাৰ্থনা সভাৰো আয়োজন কৰি প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ আত্মজীৱনী বহুকেইখন গণ্ঠ লখিমপুৰ মহাবিদ্যালয়, লখিমপুৰ বালিকা মহাবিদ্যালয় আৰু ঘিলামৰা মহাবিদ্যালয়লৈ প্ৰদান কৰে গৌৰৱ গগৈয় ।। (ফটো আছে ) ।

No comments