Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বৰপেটা জিলাৰ সংখ্যালঘু এলেকাত বাল্যবিবাহৰ প্ৰকোপ বৃদ্ধিঃ নীৰব প্ৰশাসন

  বুলবুল হুছেইন,গৰেমাৰী,২৯ ডিচেম্বৰ: বাল্যবিবাহ প্ৰতিৰোধ কল্পে ৰাষ্ট্ৰখনত কঠোৰ ভাবে আইন বলবত হৈ আছে যদিও বাস্তব ক্ষেত্ৰত বৰপেটা জিলাৰ সংখ্যা...

 


বুলবুল হুছেইন,গৰেমাৰী,২৯ ডিচেম্বৰ: বাল্যবিবাহ প্ৰতিৰোধ কল্পে ৰাষ্ট্ৰখনত কঠোৰ ভাবে আইন বলবত হৈ আছে যদিও বাস্তব ক্ষেত্ৰত বৰপেটা জিলাৰ সংখ্যালঘু অধ্যুষিত অঞ্চল বোৰত এনে প্ৰতিৰোধ আইনেএ বিশেষ প্ৰভাব পেলাব পৰা নাই । গ্ৰামাঞ্চলৰ অশিক্ষিত সৰ্বসাধাৰন ৰাইজৰ মাজত আইন সন্দৰ্ভত কোনো জ্ঞান নথকাৰ সুযোগত বাল্যবিবাহ অনায়াসে অনুষ্ঠিত হৈ আছে।সচেতনতাৰ অভাবত একাংশ হোজা জনসাধাৰনে নবম-দশম শ্ৰেনীত অধ্যয়ন কৰি থকা যুবক-যুবতী ১৪/১৫ বছৰীয়া বয়সতো বিবাহ দিয়া পৰিলক্ষিত হৈছে।ঘৰত ছোৱালী থকা মানেই একাংশই অভিশাপ বুলি নিৰূপন কৰে।ফলত যিমান সোনকালে পাৰে মানে ছোৱালীক ঘৰৰ পৰা আঁতৰ কৰিব পাৰিলেই ৰক্ষা।লৰাৰ বয়স ২১ বছৰ আৰু ছোৱালীৰ বয়স ১৮বছৰলৈ বিবাহৰ বয়স আইনে নিৰ্ধাৰন কৰিছে যদিও ইয়াক আওকাণ কৰি নিৰ্বিগ্নে বিবাহ কাৰ্য সংঘটিত হৈ আছে ।গাওঁ বোৰত একাংশ সংগঠনে সততে বাল্যবিবাহৰ বিৰোধিতাৰ আদৰ্শ প্ৰচাৰ কৰি ফুৰে যদিও সংগঠন বোৰৰ একাংশ সদস্যই দালালি প্ৰক্ৰিয়াৰে অপ্ৰাপ্ত বয়স্কৰ অজুহাতত উভয় পক্ষ্যৰ পৰা ধন লৈ মৌনতা অবলম্ভন কৰে ।সংগঠন সমূহে বাল্যবিবাহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহন কৰি প্ৰয়োজনত প্ৰশাসনৰ জৰিয়তে বাল্যবিবাহ প্ৰতিৰোধত বলিষ্ঠ পদক্ষেপ লব লাগে ।বাল্যবিবাহৰ ক্ষেত্ৰত প্ৰশাসনে অধিক দৃঢ় পদক্ষেপ গ্ৰহন কৰি বাল্যবিবাহৰ ব্যাধিৰ পৰা সমাজ খনক মুক্ত কৰাৰ দাবী কৰিছে বৌদ্ধিক মহলে।

No comments