Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

"এ আই ইউ ডি এফ দলে মাদ্ৰাছা বন্ধৰ বিৰুদ্ধে সমগ্ৰ অসম জুৰি আন্দোলন সৃষ্টি কৰিব।"- বিধায়ক আমিনুল ইছলাম

  ফাইল ফটো গনবার্তা টুকটুকী  ১৫ ডিচেম্বৰ:  " হিমন্ত বিশ্ব শৰ্মাই আৰ এছ এছৰ কথা মতে মুছলমান সকলক হিন্দু ধৰ্মলৈ ৰূপান্তৰিত কৰিব বিচাৰিছে।...

 

ফাইল ফটো

গনবার্তা টুকটুকী  ১৫ ডিচেম্বৰ: " হিমন্ত বিশ্ব শৰ্মাই আৰ এছ এছৰ কথা মতে মুছলমান সকলক হিন্দু ধৰ্মলৈ ৰূপান্তৰিত কৰিব বিচাৰিছে। তেওঁ অসমৰ তথ্য নজনাকৈ ছাৰ চৈয়দ চাদুল্লাৰ দিনত ছিনিয়ৰ মাদ্ৰাছা স্থাপন হোৱা বুলি ভুল তথ্য প্ৰচাৰ কৰিছে।আৰ এছ এচে স্বাধীনতা আন্দোলনত বিৰোধিতা কৰি জাতীৰ পিতা মহা মানৱ  মহাত্মা গান্ধীক হত্যা কৰিছে। কিন্তু বৰ্তমানৰ অসমৰ বিজেপি চৰকাৰ ব্ৰিটিছৰ গোলাম আৰ এছ এছ ৰ দ্বাৰা হে পৰিচালিত হৈছে। অহা বিধানসভাৰ অধিৱেশনত মাদ্ৰাছা বন্ধৰ বিৰুদ্ধে এ আই ইউ ডি এফে দাবী উত্থাপন কৰিব। লগতে মাদ্ৰাছা বন্ধ কোনোপধ্যেই মানি নলয় এ আই ইউ ডি এফে দলে । ইয়াৰ বিৰুদ্ধে গোটেই অসম জুৰি তীব্ৰ  আন্দোলনৰ সৃষ্টি কৰিম ।" এই মন্তব্য ৮৩ নং ধিং বিধান সভা সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ। বিধায়ক গৰাকী  লগতে আৰু কয় যে, মুছলমান বিৰোধী মন্তব্যৰে ৰাইজক মুছলমান বিৰোধী হিচাপে গড় দিয়াৰ চিন্তাত নিমগ্ন হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ অসমৰ অভিভাৱক নহয়। তেওঁলোকে এটা কথা জানি থোৱা ভাল অসমীয়া ৰাইজ কাৰো কথাত নচলে। প্ৰয়োজনত আমি গণতান্ত্ৰিক বাবে যি কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰস্তুত। আজি নগাঁও জিলাৰ আলিটাঙনি সমূহীয়া ভৱনত ভাৰত চৰকাৰৰ পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাই পথ  মন্ত্ৰণালয়ৰ সহযোগত স্বেচ্ছাসেৱী সংগঠন জনসেৱা পৰিষদৰ উদ্যোগত আজি আয়োজন কৰা পথ সুৰক্ষা  আৰু ক'বিট ১৯ ৰ সজাগতা সভাত উপস্থিত থাকি সাংবাদীকৰে হোৱা মত বিনিময়ত অসম চৰকাৰে কেবিনেট যোগে ৰাজ্যত চলি থকা ছিনিয়ৰ আৰু হাই মাদ্ৰাছা সমূহ বিলুপ্ত কৰাৰ সিদ্ধান্ত ক প্ৰত্যাহ্বান জনায় শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কঠোৰ বাক্যবান প্ৰয়োগ কৰে। ইছলামে লগতে উল্লেখ কৰে যে চৰকাৰে অকল মাদ্ৰাছা সমূহ বন্ধ কৰি সংস্কৃত টুল সমূহ প্ৰাচীন ভাৰতীয় শিক্ষাৰ লগত মিহলি কৰি পাঠ্যক্ৰম বনাই হিন্দু ধৰ্মীয় শিক্ষাৰে সকলোকে অকল হিন্দু ধৰ্মৰ জ্ঞান হে দিব বিচাৰিছে। ছিনিয়ৰ মাদ্ৰাছা সমূহৰ আৰবী শিক্ষক এজনক অংক বিজ্ঞান ৰ প্ৰশিক্ষণ দি সাধাৰণ শিক্ষক হিচাপে কেনেধৰণৰ শিক্ষক বনাব বিচাৰিছে বুলিও প্ৰশ্ন উত্থাপন কৰে। উল্লেখ্য যে অসম চৰকাৰে কেবিনেট যোগে মাদ্ৰাছা বিলুপ্তিৰ প্ৰস্তাৱ লোৱা কাৰ্য্যক সহজ বাবে লব পৰা নাই ৰাজ্যৰ মুছলমান সমাজে।অনাগত দিনত অসমত এয়া কেনেধৰণৰ প্ৰভাৱ পৰে সেয়া হব লক্ষণীয়।

No comments