গণবাৰ্তা,হাউলী,৯ ডিচেম্বৰঃ সদৌ অসম বাঙালী যুৱ ছাত্র ফেডাৰেচন (অজয় ভূষণ সৰকাৰ) গোটৰ বৰপেটা জিলা সমিতি খন ছয় ডিচেম্বৰত হাউলী অধিৱেশনত নীলকান্ত...
গণবাৰ্তা,হাউলী,৯ ডিচেম্বৰঃসদৌ অসম বাঙালী যুৱ ছাত্র ফেডাৰেচন (অজয় ভূষণ সৰকাৰ) গোটৰ বৰপেটা জিলা সমিতি খন ছয় ডিচেম্বৰত হাউলী অধিৱেশনত নীলকান্ত কৰ্মকাৰৰ নেতৃত্বত নতুনকৈ গঠিত হোৱা কমিটিক অবৈধ তথা ভূৱা আখ্যা দিছে বাঙালী ফেডাৰেচনৰ (দীপক দে )গোটৰ বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদক সুবন সাহাই | বুধবাৰে দিনৰ বাৰ বজাত হাউলী গণ ভৱন প্ৰাংগনত অনুষ্ঠিত ফেডাৰেচনৰ এক সংবাদমেলত জিলা সাধাৰণ সম্পাদক সুবন সাহাই কয় যে- সিদিনাৰ অধিৱেশনত জিলাখনৰ কোনো এখন আঞ্চলিক সমিতিৰ প্ৰতিনিধি উপস্থিত নথকাকৈ কিহৰ ভিত্তিত জিলা সমিতি খন নতুনকৈ গঠণ কৰিলে বুলি প্ৰশ্ন তোলে | যত প্ৰতিনিধি তথা বিষয় বাচনী সভা অনুষ্ঠিত হোৱা নাছিল বুলি সাহাই দাবী কৰে | উক্ত জিলা সমিতি সম্পূৰ্ণ নীতি-বহিৰ্ভূত আৰু বেআইনী ভাবে গঠন কৰা হৈছে বুলি সুবন সাহাই উল্লেখ কৰে | ছয় ডিচেম্বৰত হাউলীত অনুষ্ঠিত হোৱা অধিৱেশন খন আছিল কংগ্ৰেছী অধিৱেশন বুলি দাবী কৰি সাহাই কয় যে তাত কংগ্ৰেছৰ সাংসদ আব্দুল খালেক সহ ভালে সংখ্যক কংগ্ৰেছৰ নেতা কৰ্মীৰ বাদে কোনো অতিথি উপস্থিত নাছিল বুলি উল্লেখ কৰে | উক্ত সংবাদমেলত সদৌ অসম বাঙালী যুৱ ছাত্র ফেডাৰেচনৰ( অজয়) গোটৰ হাউলী আঞ্চলিক সমিতিৰ সভাপতি বলৰাম সেন,জয়ন্ত চক্ৰৱৰ্তী,দীপক,বিনয় ঘোষ আদিয়ে উপস্থিত থাকে |
No comments