গণবাৰ্তা বিশেষ, যোৰহাট, ৪ ডিচেম্বৰ : যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ অধীনস্থ ৰাজহুৱা বাছ আস্থানৰ ১৪ বিঘাৰো অধিক ভূমিত এজন অনা অসমীয়া বণিয়াক আবাসীক...
গণবাৰ্তা বিশেষ, যোৰহাট, ৪ ডিচেম্বৰ : যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ অধীনস্থ ৰাজহুৱা বাছ আস্থানৰ ১৪ বিঘাৰো অধিক ভূমিত এজন অনা অসমীয়া বণিয়াক আবাসীক আৰু ব্যৱসায়ীক নিৰ্মাণৰ বাবে দিয়া প্ৰসংগত যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে স্থিতি স্পষ্ট কৰিলে। বিধায়ক গোস্বামীয়ে আজি এক সংবাদমেলত উল্লেখ কৰে যে এই বিষয়ে তেওঁ সবিশেষ জনা নাছিল। অন্যান্য নিগম নিকায়, কলেজ আদিৰ দৰে তেওঁ উন্নয়ন প্ৰাধিকৰণৰো এজন পদেন সদ্যস্য। সেই সূত্ৰে ৭/৩/২০২০ তাৰিখৰ বৰ্ডৰ সভালৈ তেওঁৰ এজন প্ৰতিনিধি গৈছিল। বৰ্ডে উক্ত স্থানত নিৰ্মাণৰ বাবে ই টেণ্ডাৰ কৰাৰ সিদ্ধান্ত লৈছিল। কিন্ত্ত টেণ্ডাৰ হোৱাৰ পাছত কোন কোন প্ৰতিষ্ঠানে ভাগ ললে, কাক কাম অবন্টন দিব পাৰি সেই সিদ্ধান্ত লবলৈ পুনৰ বৰ্ডৰ আন এখন সভা দিয়াটো দৰকাৰ আছিল । কিন্তু জে ডি এই সেই কাম কৰা নাছিল। এই বিষয়টোৰ সন্দৰ্ভত অভিযোগ দাখিল কৰা অধিবক্তা ৰিণটো গোস্বামী সহ ব্যক্তি সকল, উন্নয়ন প্ৰাধিকৰণৰ সভাপতি আৰু জিলা উপায়ুক্তৰ সৈতে তেওঁ পৃথকে পৃথকে আলোচনা কৰাৰ অন্তত এই ক্ষেত্রত উচিত পদক্ষেপ শীঘ্ৰে গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া বুলি বিধায়ক গোস্বামীয়ে উল্লেখ কৰে। সংবাদ মেলত তেওঁ সকলো কথা কৌশলেৰে উত্তৰ দি কয় যে শীঘ্ৰে জিলা উপায়ুক্তই নিৰ্দেশনা জাৰি কৰিব। ইয়াৰ পৰা এটা কথা স্পষ্ট যে বিধায়ক জনে সমগ্ৰ প্ৰক্ৰিয়াটোত অনিয়ম দেখা পাইছে আৰু প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। নিতেশ জৈন নামৰ বণিয়া জনৰ লগত উন্নয়ন প্ৰাধিকৰণৰ যি চুক্তি হৈ গ'ল তাত কেনে ধৰণৰ ফ্লেট নিৰ্মান হব তাৰ উল্লেখ নাই আৰু প্ৰাধিকৰণৰ সভাপতি জনে প্ৰধান মন্ত্ৰী আবাস গৃহ নিৰ্মান হব বুলি কোৱা প্ৰসংগ উনুকিয়াই দিয়াত বিধায়ক জনে কোনো উত্তৰ নিদিলে যদিও এটা কৌশলী হাঁহি মাৰে। একেদৰে বণিয়া জনৰ লগত যি খন চুক্তি কৰা হ'ল সেইখন বাতিল কৰিব পৰাকৈ উন্নয়ন প্ৰাধিকৰণে কোনো দফা যে সংযোগ নকৰিলে সেই কথা সাংবাদিকে উনুকিয়াই দিয়াটো তেওঁ কলে " মাত্ৰ কেইটামান মুহূৰ্ত ৰওক সকলো গম পাব " । এই কথাৰ পৰা এটা কথা এক প্ৰকাৰ স্পষ্ট হয় যে শীঘ্ৰে এই প্ৰক্ৰিয়া বন্ধ হোৱাটো নিশ্চিত। কিন্তু উন্নয়ন প্ৰাধিকৰণে বণিয়া জনৰ লগত যিখন চুক্তি কৰি পনঞ্জিয়ন পয্যন্ত কৰিলে তাত সন্নিবিষ্ট ৮০ শতাংশ দফা ব্যৱসায়ী জনৰ সপক্ষে কৰা হৈছে। আৰু চুক্তিখন কোনো কাৰণত বাতিল কৰিব পৰাকৈ কোনো দফা সন্নিবিষ্ট কৰা নায়। যাৰ বাবে প্ৰশাসনে এই কাম বন্ধ কৰিলেও ব্যৱসায়ি জন যে আদালতৰ দ্বাৰস্থ হ'ব সেয়া নিশ্চিত। আৰু সেয়ে হলে ১৪ বিঘাৰো অধিক ৰাজহুৱা ভূমিৰ ভৱিষ্যত ওলমি ৰ'ব আদালতৰ সিদ্ধান্তৰ ওপৰত। ইফালে যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ ভিতৰ চোৱাত দীৰ্ঘ দিন ধৰি যে অনিয়ম চলি আহিছে সেই কথা বিধায়ক জনে স্বীকাৰ কৰে। যোৰহাট নগৰৰ মাজৰ পৰা ট্ৰাক টাৰ্মিনাচ টো স্থানান্তৰত প্ৰাধিকৰণে গুৰুত্ব দিব লাগে আৰু এই ক্ষেত্ৰত তেওঁ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সংগবাদ মেলত উল্লেখ কৰে।
No comments