Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিজেপিৰ পৰা আমাক পৰিবৰ্তন নালাগে, আমাক লাগে এতিয়া বিজেপিৰ পৰা পৰিত্ৰাণ---জগদীশ ভূঞা

মৰিগাঁও,৯ ডিচেম্বৰ: বিজেপিৰ পৰা আমাক পৰিবৰ্তন নালাগে, আমাক লাগে এতিয়া বিজেপিৰ পৰা পৰিত্ৰাণ। ২০২১ত অসম জাতীয় পৰিষদৰ নেতৃত্বত চৰকাৰ গঠন হব।আজি...


মৰিগাঁও,৯ ডিচেম্বৰ: বিজেপিৰ পৰা আমাক পৰিবৰ্তন নালাগে, আমাক লাগে এতিয়া বিজেপিৰ পৰা পৰিত্ৰাণ। ২০২১ত অসম জাতীয় পৰিষদৰ নেতৃত্বত চৰকাৰ গঠন হব।আজি মৰিগাঁৱত এই মন্তব্য প্ৰকাশ কৰে অসম জাতীয় পৰিষদৰ মুখ্য সমন্বয়ক জগদীশ ভূঞাই। মৰিগাঁও চহৰৰ গান্ধী ভৱনত আজি অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ যোগদান সভাত অংশগ্ৰহন কৰি জগদীশ ভূঞাই পুনৰ কয়- অসমীয়াই নিজৰ স্বাভিমানৰে জীয়াই থকাৰ বাবে ৰাজনৈতিক শক্তি হাতলৈ আনিব লাগিব আৰু সেই উদ্দেশ্যেৰে অসম জাতীয় পৰিষদ আগুৱাই যাব। আমাক নালাগে ভাষা বিবাদ, আমাক নালাগে ধৰ্ম আৰু জাতিৰ নামত বিবাদ, আমাক কেৱল অসমীয়া জাতীয়তাবাদ লাগে বুলি মন্তব্য কৰে। লগতে ভূঞাই কয় যে- আমি স্বাভিমানী অসমীয়া হিচাপে পৰিচয় দি ভাৰতবৰ্ষ তথা বিশ্বৰ বুকুত জীয়াই থাকিব খোজো। আমাৰ প্ৰথম পৰিচয় অসমীয়া, তাৰ পিছতহে আমি ভাৰতীয় বুলি অসম জাতীয় পৰিষদৰ মূখ্য সমন্বয়ক জগদীশ ভূঞাই আজি যোগদান সভাত অংশগ্ৰহন কৰি মন্তব্য আগবঢ়ায়। প্ৰাক্তন ছাত্ৰ নেতা তথা অসম জাতীয় পৰিষদৰ জিলা আহ্বায়ক অৰবিন্দ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত সদ্য পদত্যাগী অগপ নেতা তথা  বিশিষ্ট চলচিত্ৰ পৰিচালক বাণী দাসে আনুষ্ঠানিক ভাৱে অসম জাতীয় পৰিষদত যোগদান কৰাৰ লগতে ২১ খনকৈ অগপ দল ত্যাগী আঞ্চলিক সমিতিয়ে অসম জাতীয় পৰিষদত যোগদান কৰাৰ ওপৰিও প্ৰাক্তন অগপ নেতা ৰাজু বৰদলৈ, ৰাজীৱ কাকতি, লাচিত মেধি, আদিয়ে দলত যোগদান কৰে। দলত্যাগী অসম গণ পৰিষদৰ নেতা বাণী দাসে অসম জাতীয় পৰিষদত যোগদান কৰাৰ পিছতে মূখ্য সমন্বয়ক জগদীশ ভূঞাই  বাণী দাসক যোগদান সভাতেই অসম জাতীয় পৰিষদৰ মৰিগাঁও জিলাৰ আহ্বায়ক হিচাপে দায়িত্ব প্ৰদান কৰে। অসম জাতীয় পৰিষদৰ আহ্বায়ক জয়ন্ত ডেকাই আঁত ধৰা সভাখনত অসম জাতীয় পৰিষদৰ আহ্বায়ক জীয়াউৰ ৰহমান, বীৰেশ্বৰ মেধি, চিমল দেউৰী, পোনানন্দ শইকীয়া, জিতেন্দ্ৰ নাথ ডেকা প্ৰমুখ্যে কেইবাজনো নেতাই অংশ গ্ৰহণ কৰে। ইপিনে, আজি অসম জাতীয় পৰিষদ দলত চলচ্চিত্ৰ পৰিচালক বাণী দাসৰ যোগদানক কেন্দ্ৰ কৰি ৰাজনৈতিক মহলত ব্যাপক জোকাৰণিৰ সৃষ্টি হোৱাৰ লগতে মৰিগাঁও সদৰ সমষ্টিৰ পৰা আগন্তুক ২০২১ৰ নিৰ্বাচনত অসম জাতীয় পৰিষদ দলৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনাও প্ৰকট হৈ পৰিছে।

No comments