গণবাৰ্তা বিশেষ, যোৰহাট ১০ ডিচেম্বৰ:- চুৰি ডকাইতি ঘটনাই যোৰহাট আৰক্ষীৰ নিদ্ৰাহৰণ কৰি অহা মাজতে ৰাজ্যৰ অন্য প্ৰান্তৰ পিছত এইবাৰ যোৰহাটতো চিলনী...
গণবাৰ্তা বিশেষ, যোৰহাট ১০ ডিচেম্বৰ:- চুৰি ডকাইতি ঘটনাই যোৰহাট আৰক্ষীৰ নিদ্ৰাহৰণ কৰি অহা মাজতে ৰাজ্যৰ অন্য প্ৰান্তৰ পিছত এইবাৰ যোৰহাটতো চিলনী চোৰৰ উপদ্ৰৱ আৰম্ভ হৈছে| মহিলাৰ ডিঙিৰ পৰা চেইন মোবাইল মনিবেগ আদি কাঢ়ি তীব্ৰ বেগেৰে ঘটনাস্থলীৰ পৰা উধাও হোৱা চোৰৰ দলে বুধবাৰে টাৰ্গেট কৰে দুগৰাকী যুুৱতী| মটৰ চাকেলত তীব্ৰ গতিৰে অহা দুটা চোৰে এগৰাকী যুৱতীৰ পৰা থপিয়াই নিয়ে মোবাইল ফোন| জানিব পৰা মতে যুৱতী দুগৰাকীয়ে টিউচনৰ পৰা ঘৰলৈ খোজকাঢ়ি আহি আছিল| বিপৰীত দিশৰ পৰা তীব্ৰ বেগেৰে এখন মটৰচাইকেলত আহি হাতৰ পৰা থপিয়াই নিয়ে মোবাইল ফোনটো| ইয়াৰ পিছতে যুৱতীগৰাকীয়ে আৰক্ষীক খবৰ দিয়ে আৰু যোৰহাট আৰক্ষীয়ে তীব্ৰ অভিযান আৰম্ভ কৰে| অৱশেষত আজি পুলিবৰ আৰক্ষীয়ে দুটা চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়| প্ৰশান্ত বনিয়া আৰু বিকাশ দাস নামৰ পকামূৰাৰ পাখিমাৰিৰ দুজন যুৱকক গ্ৰেপ্তাৰ কৰাৰ লগতে চুৰি ঘটনাত ব্যৱহাৰ কৰা মটৰচাইকেল খনো জব্দ কৰিছে পুলিবৰ আৰক্ষীয়ে| এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে যোৰহাটত|
No comments