কৰাচী, ২৬ ডিচেম্বৰ: আজিৰে পৰা নিউজিলেণ্ড আৰু পাকিস্তানৰ মাজত আৰম্ভ হৈছে দুখন মেচৰ টেষ্ট ছিৰিজ। কিন্তু এই ছিৰিজত অংশ লব নোৱাৰে দলটোৰ লেগ স্পি...
কৰাচী, ২৬ ডিচেম্বৰ: আজিৰে পৰা নিউজিলেণ্ড আৰু পাকিস্তানৰ মাজত আৰম্ভ হৈছে দুখন মেচৰ টেষ্ট ছিৰিজ। কিন্তু এই ছিৰিজত অংশ লব নোৱাৰে দলটোৰ লেগ স্পিনাৰ ছাদাব খানে। কিয়নো তেওঁক পাকিস্তান ক্ৰিকেট বৰ্ডৰ মেডিকেল ষ্টাফে ছয় সপ্তাহৰ বাবে বিশ্ৰাম কৰাৰ পৰামৰ্শ দিছে। আঘাতৰ বাবে তেওঁ প্ৰথম টেষ্টৰ পৰা আঁতৰি আহিছিল যদিও দ্বিতীয় টেষ্ট খেলাৰ সম্ভাৱনা আছিল। কিন্তু আজি সেই সম্ভাৱনা নাইকিয়া হৈছে। তেওঁ নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব নোৱাৰে টেষ্ট ছিৰিজ। নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ ছিৰিজ খেলি থকাৰ সময়ত তেওঁ আঘাতপ্ৰাপ্ত হৈছিল। নিউজিলেণ্ডৰ বিৰুদ্ধে আজিৰে পৰা আৰম্ভ হোৱা দুখন মেচৰ টেষ্ট ছিৰিজৰ অন্ত পাৰিব সাত জানুৱাৰীত। পাকিস্তান ক্ৰিকেট বৰ্ডে এইবুলিও কৈছে যে ছাদাব খান দলটোৰ সৈতে নিউজিলেণ্ডতে থাকিব আৰু তেওঁৰ সৈতে চিকিৎসা দল থাকিব। এই ছিৰিজৰ পিছত দক্ষিণ আফ্ৰিকা আৰু পাকিস্তানৰ মাজত ২৬ জানুৱাৰীৰ পৰা ২৪ ফেব্ৰুৱাৰীলৈ দুখন টেষ্ট আৰু তিনিখন মেচৰ টি-২০ ছিৰিজ আৰম্ভ হ'ব।
No comments