ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ৭ ডিচেম্বৰ ঃ সকলো ধৰণৰ উৎকণ্ঠাৰ অন্ত পেলাই আজি পুৱাৰে পৰা দুই-এঠাইত অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হয় যদিও সম্পূৰ্ণৰূপে...
ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ৭ ডিচেম্বৰ ঃ সকলো ধৰণৰ উৎকণ্ঠাৰ অন্ত পেলাই আজি পুৱাৰে পৰা দুই-এঠাইত অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হয় যদিও সম্পূৰ্ণৰূপে শান্তিপূৰ্ণভাৱে বিটিচিৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সম্পন্ন হয়। পুৱা ৭ বজাৰ পৰাই বিটিচিৰ বাক্সা আৰু ওদালগুৰি জিলাৰ ২১টা সমষ্টিৰ বাবে অনুষ্ঠিত ভোটদানৰ পিছতেই বেলটত বন্দী হ’ল ১৩০ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। উল্লেখ্য যে আজি বিটিচিৰ চাৰিখন জিলাৰ দুখন জিলা বাক্সা আৰু ওদালগুৰিৰ ২১টা পৰিষদীয় সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। দুখন জিলাত সৰ্বমুঠ ১৩০ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বাক্সা জিলাত ১১টা পৰিষদীয় সমষ্টিৰ বাবে ৭০ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে। বাক্সা জিলাত ভোটদানৰ বাবে ৯৩২ টা ভোট কেন্দ্ৰ স্থাপন কৰা হৈছিল। ইয়াৰে ১২২টা কেন্দ্ৰ অতি স্পৰ্শকাতৰ আৰু ১৯৯টা ভোট কেন্দ্ৰ অতি স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰিছিল প্ৰশাসনে।
আনহাতে ওদালগুৰি জিলাৰ দহটা পৰিষদীয় সমষ্টিৰ বাবে ৬০গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ওদালগুৰি জিলাত ভোটদানৰ বাবে ৮০৭টা ভোট কেন্দ্ৰ স্থাপন কৰা হৈছিল। ইয়াৰে ৫৭টা অতি স্পৰ্শকাতৰ আৰু ১৬৮টা স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰিছিল প্ৰশাসনে। বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ আজি ভোটদান কাৰ্যসূচীত দুই-এটা ভোট কেন্দ্ৰত অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হয় যদিও প্ৰশাসনে নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়। পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত ভোটদান কাৰ্যসূচীত বাক্সা আৰু ওদালগুৰি জিলাত ভোটদানৰ হাৰ ৭২ শতাংশ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে পূৰ্বৰ তুলনাত বিটিচি পৰিষদীয় নিৰ্বাচনত এইবেলি ভোটাৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই অহা পৰিলক্ষিত হৈছে। পৰিৱৰ্তনৰ স্বাৰ্থত বিটিচিৰ ভোটাৰ ৰাইজে মুকলিভাৱে ওলাই আহি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে। প্ৰথম পৰ্যায়ৰ ভোটদান সম্পূৰ্ণ হোৱাৰ পিছতেই প্ৰমোদ বড়ো, ধীৰেন বড়োকে আদি কৰি বহু ৰথী-মহাৰথীৰ ভাগ্য বন্দী হৈছে বেলট পেপাৰত।
মন কৰিবলগীয়া যে প্ৰথম পৰ্যায়ৰ ভোটদানত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে প্ৰতিটো ভোট কেন্দ্ৰতেই নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। বিয়লিৰ ভাগলৈকে কেইবাটাও ভোট কেন্দ্ৰত ভোটদান কাৰ্যসূচী চলি থকা বুলি জানিব পৰা গৈছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অহা ১০ ডিচেম্বৰত অনুষ্ঠিত হ’ব। চিৰাং আৰু কোকৰাঝাৰ জিলাৰ সৰ্বমুঠ ১৯টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হ’ব ভোট। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলে চিৰাং আৰু কোকৰাঝাৰ জিলাত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ প্ৰতিটো ৰাজনৈতিক দলে অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ। অহা ১২ ডিচেম্বৰত ঘোষণা হ’ব ফলাফল। বিটিচি কাৰ দখললৈ যায় সেয়া ১২ ডিচেম্বৰত নিৰ্ণয় হ’ব।
No comments