গণ বাৰ্তা, ডিব্ৰুগড়, ২৭ ডিচেম্বৰঃ ডিব্ৰুগড় জিলাৰ লাহোৱালৰ অন্যতম শিক্ষা প্ৰতিষ্ঠান শিৱকান্ত শ্বাহ ইংলিছ একাডেমি। কেৱল শিক্ষাৰ প্ৰসাৰত আবদ্ধ...
গণ বাৰ্তা, ডিব্ৰুগড়, ২৭ ডিচেম্বৰঃ ডিব্ৰুগড় জিলাৰ লাহোৱালৰ অন্যতম শিক্ষা প্ৰতিষ্ঠান শিৱকান্ত শ্বাহ ইংলিছ একাডেমি। কেৱল শিক্ষাৰ প্ৰসাৰত আবদ্ধ নাথাকি শিক্ষানুষ্ঠান খনিয়ে সমাজৰ বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত হৈ তেনে অনুষ্ঠান সমূহক বাস্তৱায়িত কৰিবলৈ সক্ষম হৈছে। দেওবাৰে এছ কে এছ ইংলিছ একাডেমিৰ নিজা প্ৰেক্ষাগৃহত প্ৰাক্তন বিধায়ক অনুপ ফুকনে উন্মোচন কৰে "চাওতাল বিদ্ৰোহ ১৮৫৫-৫৬ আৰু অসমত চাওতাল কলনি স্থাপন" নামৰ গ্ৰন্থখনি। এক গাম্ভীৰ্য্য পূৰ্ণ অনুষ্ঠানৰ এক সভাত সভাপতিত্ব কৰে মদাৰখাত বালিকা বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ যতিন গোহাঁয়ে। সভাত প্ৰাক্তন লাহোৱাল সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পৃথিৱী মাঝি, শিক্ষাবিদ যতিন গোহাঁই, অৱসৰপ্ৰাপ্ত ডিব্ৰুগড় জিলাৰ কোষাগাৰ বিষয়া যুগেশ্বৰ উৰাং, এছ কে এছ ইংলিছ একাডেমিৰ স্বত্বাধিকাৰী দয়ানন্দ শ্বাহ প্ৰমূখ্যে কৰি বহু কেইজন বক্ততাই চাহ বাগিচাত উত্তৰণ ঘটা সাহিত্য চৰ্চ্চাৰ ব্যাখা ভাষণত ডাঙি ধৰে।
No comments