ক্ষতিপুৰণৰ নামত কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাৰ ভেল্কীবাজী অলক জ্যোতি শইকীয়া,বোকাখাত, ১৮ ডিচেম্বৰ : নিৰ্বাচনৰ আগমুহূৰ্তত কথাৰে ফুলজাৰি ম...
ক্ষতিপুৰণৰ নামত কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাৰ ভেল্কীবাজী
অলক জ্যোতি শইকীয়া,বোকাখাত, ১৮ ডিচেম্বৰ : নিৰ্বাচনৰ আগমুহূৰ্তত কথাৰে ফুলজাৰি মৰা কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহসমষ্টি বোকাখাতত মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পশুপালক ৰাইজৰ লগতে জীপাল কৃষক শ্ৰমিক সংঘই। উল্লেখ কৰিব লাগিব যে, চলিত বৰ্ষৰ এপ্ৰিল-মে' মাহৰ পৰা অসমৰ পৰম্পৰাগত আৰু ব্যৱসায়ীক গাহৰি পালকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল। কাৰণ গাহৰিৰ মাজত বিয়পি পৰা এক অচিন ৰোগত দ্ৰুতগতিত মৃত্যু হৈছিল হাজাৰ হাজাৰ গাহৰি।পৰৱৰ্তী সময়ত এই ৰোগ আফ্ৰিকান শ্বোৱাইন ফিভাৰ বুলি চিনাক্ত কৰা হৈছিল।যাৰ বাবে বেয়াকৈ আঘাট প্ৰাপ্ত হৈছিল গ্ৰাম্য অৰ্থনীতি। ইয়াৰ সমান্তৰালভাৱে খোদ কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাৰ সমষ্টি বোকাখাতত অচিন ৰোগত আক্ৰান্ত হৈ শতাধিক গাহৰিৰ মৃত্যু হৈছিল।
মৃত গাহৰিৰ শৰীৰৰ নমুনা সংগ্ৰহ কৰি গৱেষণাগাৰলৈ প্ৰেৰণ কৰিছিল বোকাখাত মহকুমাৰ পশুচিকিৎসা বিভাগে৷ আফ্ৰিকান শ্বোৱাইন ফিভাৰতেই গাহৰিৰ মৃত্যু হোৱা বুলি প্ৰমান প্ৰকাশ কৰিছিল বোকাখাতৰ পশু চিকিৎসা বিভাগে ৷ যাৰ বাবে পৰিস্থিতি অধিক জটিল হৈ পৰিছিল বোকাখাত বিধান সভা সমষ্টিত। এনে পটভুমিত বোকাখাতৰ জীপাল কৃষক শ্ৰমিক সংঘ আৰু বিপৰ্যস্ত গাহৰী পালক সকলে কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিত হাজাৰ হাজাৰ গাহৰিৰ আফ্ৰিকান শ্বোৱাইন ফিভাৰত মৃত্যু হোৱাত তৎকালেই গাহৰি পালকক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী তুলিছিল । উল্লেখ্য যে, বোকাখাত বিধান সভা সমষ্টিৰ অন্তৰ্গত দুসুঁতিমুখ পঞ্চায়তৰ চেলেক গাঁৱৰ ২৩৭ পৰিয়ালৰ ৪২০১টা গাহৰিৰ আফ্ৰিকান শ্বোৱাইন ফিভাৰত মৃত্যু হৈছিল। এয়া মাত্ৰ ২১ টা পঞ্চায়ত থকা বোকাখাত বিধান সভা সমষ্টিৰ মাত্ৰ এটা পঞ্চায়তৰ তথ্য , যদিও বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত কৃষি মন্ত্রী অতুল বৰাই চলিত বৰ্ষৰ ৯ মে' মাহত বোকাখাত বিধান সভা সমষ্টিত মাত্ৰ ৭৩৫ টা গাহৰিৰহে আফ্ৰিকান শ্বোৱাইন ফিভাৰত মৃত্যু হৈছে বুলি তথ্য দি গাহৰি পালক সকলৰ প্ৰতি চৰম বঞ্চনাত লিপ্ত হৈছিল। ইফালে ক্ষতিপুৰণতো দুৰৰে কথা বোকাখাত বিধান সভা সমষ্টিত কিমান গাহৰিৰ মৃত্যু হ'ল এই লৈও চৰম মিথ্যাচাৰত লিপ্ত হৈছিল বোকাখাতৰ বিধায়ক তথা কৃষি আৰু পশু পালন মন্ত্ৰী অতুল বৰা। ইয়াৰ পাছত ওলাল চৰকাৰী ভাৱে আফ্ৰিকান শ্বোৱাইন ফিভাৰত আক্ৰান্ত গাহৰি নিধন আৰু ক্ষতিপুৰণৰ ভেল্কীবাজী। কাৰণ পশুপালন বিভাগৰ নিৰ্দেশ অনুসৰি চৰকাৰে নিজে নিধন (culling) কৰা গাহৰিৰহে ক্ষতিপুৰণ পাব গাহৰি পালকে। কিন্তু হাজাৰ হাজাৰ গাহৰিৰ মৃত্যু হোৱা কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতত চৰকাৰী ভাৱে বৰ্তমানলৈকে কেইটা গাহৰি (culling) কৰা হ'ল? বা ইতিমধ্যে আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্তহৈ যিবোৰ গাহৰিৰ মৃত্যু হ'ল সেইবোৰ গাহৰিৰ পালক সকলৰ ক্ষতিপুৰণৰ কি হ'ব ৷ এনেদৰেই আচলতে চৰকাৰী নিধন (culling)ৰ নামত কৌশলগত ভাৱে ক্ষতিপুৰণৰ পৰা বঞ্চিত কৰা হ'ল গাহৰি পালক সকলক। কেৱল বোকাখাত বিধান সভা সমষ্টিয়েই নহয় এনেদৰে কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাৰ ভেল্কীবাজীৰ বলি হ'ল অসমৰ হাজাৰ হাজাৰ গাহৰি পালক।
No comments