Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বৰপেটাৰ কাছুমাৰাত বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ ; উৎখাত কাঠ মিল

গ ণবাৰ্তা, নগৰবেৰা, ২৩ ডিচেম্বৰ : বৰপেটা জিলা বন বিভাগৰ ছত্ৰছায়াত সুদীৰ্ঘ বছৰ ধৰি বাঘবৰ আৰু চেঙা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ চৰাঞ্চলৰ বিভিন্ন ...


ণবাৰ্তা, নগৰবেৰা, ২৩ ডিচেম্বৰ : বৰপেটা জিলা বন বিভাগৰ ছত্ৰছায়াত সুদীৰ্ঘ বছৰ ধৰি বাঘবৰ আৰু চেঙা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ চৰাঞ্চলৰ বিভিন্ন ঠাইত চলি আহিছে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়। বৰপেটা জিলা বন বিভাগৰ এচাম দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীয়ে চোৰাং কাঠ ব্যৱসায়ীৰ লগত গোপন মিতিৰালি কৰি এনে চোৰাং ব্যৱসায় বছৰৰ পিছত বছৰ ধৰি চলি নিয়াত সহযোগ কৰি আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।ৰাইজৰ অভিযোগৰ ভিত্তিত বন বিভাগে মাজে সময়ে এনে চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলাইলও। আগতীয়াকৈ খৱৰ দি অহাৰ বাবেই কেতিয়াবা অভিযান সফল নহয় বন বিভাগৰ। শেহতীয়াভাৱে এনে চোৰাং ব্যৱসায় চলি থকাৰ মাজতে বৰপেটা  জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত কাছুমাৰাত আজি বৰপেটা আৰু কামৰূপৰ বন বিভাগৰ এটি দলে এক অতৰ্কিতে অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰাৰ লগতে এটি চোৰাং কাঠ ফলা মিল উৎখাত কৰিবলৈ সক্ষম হয়।জানিব পৰা মতে, বৰপেটা ৰোড ৰেঞ্জৰ ৰেঞ্জাৰ গৌতম মহন্ত আৰু বামুনীগাওঁ প্ৰটেকচন ৰেঞ্জ অফিচাৰ লক্ষেশ্বৰ দাস নামৰ  এই দুগৰাকী বিষয়াৰ নেতৃত্বত বন বিভাগৰ এটি দলে বৰপেটাৰ কাছুমাৰাত  চোৰাং কাঠ ব্যৱসায়ৰ বিৰুদ্ধে এক অভিযান চলোৱা হয় ।অভিযান কালত প্ৰায় পাঁচ শ কেবি চোৰাং কাঠ আৰু উৎখাত এটা অবৈধ কাঠফলা মিল জব্দ কৰে বিভাগৰ দলটোৱে ।কিন্তু ৰহস্যজনক ভাৱে অভিযান কাৰী দলটোয়ে চোৰাং কাঠ ব্যৱসায়ীৰ সৈতে গোপন বুজাবুজি কৰি  জব্দকৃত অধিকাংশ চোৰাং কাঠ ঘটনাস্থলীতে এৰি থৈ যোৱাত প্ৰকৃতি প্ৰেমী ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।কেৱল ৰাইজক দেখুৱাবলৈ অভিযানকাৰী দলটোয়ে কেইটামান কুণ্ডাহে লৈ যায় বুলি অভিযানকাৰীৰ দলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। বাকী জব্দকৃত কাঠখিনি কাছুমাৰা বজাৰতে এৰি থৈ যায় অভিযানকাৰী দলটোয়ে।তেওঁলোকে চলোৱা অভিযানত কিমান কাঠ জব্দ কৰিলে, কিমান কাঠ লৈ গল তাৰ কোনো সঠিক তথ্য অভিযানকাৰীৰ দলটোৰ হাতত নাই ।আনকি কাৰ মিল উৎখাত কৰিলে তাৰো তথ্য নাই অভিযানকাৰী দলটোৰ এই দুই বিষয়াৰ হাতত।অভিযানকাৰী বিষয়া গৌতম মহন্ত আৰু লক্ষেশ্বৰ দাসৰ সাক্ষাৎকাৰতে সকলো কথা স্পষ্ট হৈ পৰিছে।প্ৰকৃততে এয়া আছিল বন বিভাগৰ এক নাটকীয় অভিযানহে।ইপিনে বন বিভাগৰ এদল অভিযান চলাই গুচি যোৱাৰ কিছুদিন পিছতে পুনৰ উক্ত স্থান সমূহত পূৰ্বৰ দৰেই চলে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়।উল্লেখ্য যে, জব্দকৃত চোৰাং কাঠ খিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় পাঁচ লক্ষাধিক টকা হব বুলি জানিব পৰা গৈছে। এতিয়া প্ৰশ্ন হয়,অভিযানৰ নামত নাটক কৰা বন বিভাগৰ এই দুই বিষয়াৰ বিৰুদ্ধে তদন্ত সাপেক্ষে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে বন মন্ত্ৰীক দাবী জনাইছে।

No comments