Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ঢেকিয়াজুলিত গড়কাপ্টানি পথ নিৰ্মানত অনিয়ম

গণবাৰ্তা বিশেষ,ঢেকিয়াজুলি,২৩ডিচেম্বৰঃ   ঢেকিয়াজুলি বিধান সভা সমষ্টিৰ চিৰাজুলিৰৰ মাজৰৌমাৰি,হুগ্ৰাজুলি সংযোগী গড়কাপ্টানী পথটো নিৰ্মানত অনিয়ম হ...


গণবাৰ্তা বিশেষ,ঢেকিয়াজুলি,২৩ডিচেম্বৰঃ ঢেকিয়াজুলি বিধান সভা সমষ্টিৰ চিৰাজুলিৰৰ মাজৰৌমাৰি,হুগ্ৰাজুলি সংযোগী গড়কাপ্টানী পথটো নিৰ্মানত অনিয়ম হোৱাৰ অভিযোগ উঠিছে৷নিৰ্মাণ কাৰ্যৰ মাজতে চপৰা -চপৰে এৰিছে পকী পথৰ বিতুমিন। অতি নিম্ন মানৰ পকী পথ নিৰ্মান অভিযোগ  ৷উল্লেখ্য যে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মীয়মান পথৰ কামত ব্যাপক অনিয়মৰ অভিযোগ তুলিছে স্থানীয় আছু সহ স্থানীয় লোক সকলে। বিভাগীয় বিষয়াৰ লগত মিতিৰালিৰে ঠিকাদাৰে চলাই গৈছে পথটোৰ নিম্নমানৰ কাম ৷যাৰ ফলত নিৰ্মীয়মান পকী পথটোৰ বিতুমিন উঠিছে চপৰা-চপৰে।চিৰাজুলি-মাজৰৌমাৰী,হুগ্ৰাজুলি পথটোৰ নিম্নমানৰ কামৰ নমুনা উদঙাইছে স্থানীয় ৰাইজ আৰু আছুৱে৷ অভিযোগ অনুসৰি কেইবাকোটি টকা ব্যয়ৰে নিৰ্মিয়মান চিৰাজুলিৰ পৰা হুগ্ৰাজুলি সংযোগী পথৰ নিৰ্মাণৰ নামত ঠিকাদাৰে চৰম ময়মতালি কৰিছে । নিম্নমানৰ কাম কৰি চৰকাৰী ধন আত্মসাতৰ অভিযোগ উঠিছে ঠিকাদাৰৰ বিৰুদ্ধে। এই সন্দৰ্ভত স্থানীয় আছু নেতা অনাংগ মোহন দাসতে কয়- ইয়াত পকী পথৰ অতি নিম্ন মানৰ নিৰ্মানকাৰ্য চলি থকাৰ মাজতে এফালৰ পৰা এৰি গৈছে পকী পথৰ বিতুমিণ। দুৰ্নীতি গ্রস্ত ঠিকাদাৰে এনেধৰণৰ নিম্নমানৰ কাম কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় আছু নেতাজনে। শূণ্য সহনশীল নীতিৰ কথা কোৱা বিজেপি দলৰ বিধায়ক অশোক সিংঘালৰ সমষ্টিৰ কামৰ নুমুনা এয়া বুলি ক্ষোভ প্ৰকাশ কৰে। শূন্য সহনশীলতাৰ মাত মতা বিজেপি চৰকাৰৰ দিনত  চৰকাৰী আচনিত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ নিতৌ পোহৰলৈ আহে। সেয়ে পশ্চিম ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ দাবী, দুৰ্নীতিগ্ৰস্থ বিভাগীয় বিষয়া আৰু দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বিভাগীয় কৰ্তৃপক্ষই।


No comments