ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ৫ ডিচেম্বৰ ঃ দীৰ্ঘদিন ধৰি অসমত কয়লাৰ সাম্ৰাজ্য গঢ়ি তোলা নবীন সিংঘালৰ বাসগৃহ আৰু কাৰ্যালয়ত কালি আয়কৰ বিভাগে পুৱা ১...
ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ৫ ডিচেম্বৰ ঃ দীৰ্ঘদিন ধৰি অসমত কয়লাৰ সাম্ৰাজ্য গঢ়ি তোলা নবীন সিংঘালৰ বাসগৃহ আৰু কাৰ্যালয়ত কালি আয়কৰ বিভাগে পুৱা ১০ বজাৰ পৰা আৰম্ভ কৰা অভিযান আজিও অব্যাহত আছে। ৰাজনৈতিক নেতা সমাজৰ হাইপ্ৰফাইল ব্যক্তিৰ সৈতে উঠা-বহা কৰা সিংঘালৰ অবৈধ বেহাৰ বিৰুদ্ধে উত্তৰ-পূৰ্বাঞ্চলৰ এখনো ৰাজ্যই ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাছিল। কেন্দ্ৰৰ সৈতে বিশেষ চিনাকি থকা নবীন সিংঘালে দিল্লীত বহি বহিয়েই অসমৰ কয়লা উৰিষ্যা তথা আন ৰাজ্যলৈ সৰবৰাহ কৰি কোটি কোটি টকাৰ ৰাজহ ফাঁকি দি আহিছিল।
দিল্লীৰ আয়কৰ বিভাগৰ বিষয়াই গুৱাহাটীত উপস্থিত হৈ ৰাজ্যৰ কয়লা সৰবৰাহকাৰীৰ ব্যাপক কয়লাৰ সাম্ৰাজ্য গঢ়ি তোলা কয়লা মাফিয়াৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰাৰ পিছতে পোহৰলৈ আহিব ধৰিছে ৰাজ্যত চলি থকা কয়লা ছিণ্ডিকেটৰ প্ৰকৃত ছবিখন। উল্লেখ্য যে কালি কয়লা সম্ৰাট নবীন সিংঘালৰ বেলতলাস্থিত মহালক্ষ্মী এণ্টাৰপ্ৰাইজত অভিযান চলোৱাৰ উপৰি গণেশগুৰিৰ মাণিক নগৰত থকা ছিলভাৰ ৱৰ্ক নামৰ এপাৰ্টমেণ্টৰ ৮০৩, ৮০৪ আৰু ৮০৯ নম্বৰৰ ফ্লেট তিনিটা সংযুক্ত কৰি নিৰ্মাণ কৰা বাসগৃহত অভিযান চলোৱাৰ উপৰি এপাৰ্টমেণ্টত থকা ৭০৯ নম্বৰ ফ্লেটত সিংঘালৰ আৱাসিক কাৰ্যালয়ত অভিযান চলাইছিল।
আয়কৰ বিভাগৰ অভিযানৰ তথ্য পোৱাৰ পিছতেই সপত্নীক বৃহস্পতিবাৰে দিল্লীলৈ উৰা মাৰিছিল নবীন সিংঘাল। কিন্তু দিল্লীৰ পৰা অহা আয়কৰ বিভাগৰ শীৰ্ষ বিষয়াৰ চোকা নিৰ্দেশত আজি পুৱাই গুৱাহাটীত উপস্থিত হয় নবীন সিংঘাল। ইয়াৰ পিছতেই সিংঘালক লৈ আয়কৰ বিভাগৰ শীৰ্ষ বিষয়াই মাণিক নগৰস্থিত বাসগৃহ আৰু কাৰ্যালয়ত অভিযান চলোৱাৰ লগতে সিংঘালক লগত লৈ বেলতলাস্থিত ইউনিক এপাৰ্টমেণ্টৰ তৃতীয় মহলাত থকা মহালক্ষ্মী এণ্টাৰপ্ৰাইজৰ কাৰ্যালয়ত অভিযান চলায়। উল্লেখ্য যে সিংঘালে খাৰছাং, লিডু, মাৰ্ঘেৰিটাৰ পৰা উৰিষ্যালৈ কয়লা সৰবৰাহ কৰাৰ সময়ত জিএছটি ফাঁকি দিয়াৰ উপৰি অনুমতিবিহীনভাৱে কোটি কোটি টকাৰ ক’লা বজাৰ গঢ়ি তোলাৰ লগতে ব্যাপক হাৰত কৰ ফাঁকি দিছিল। মহালক্ষ্মী এণ্টাৰপ্ৰাইজত অভিযান চলাৰ পিছত আয়কৰ বিভাগৰ দলটোৱে নবীন সিংঘালক খ্ৰীষ্টানবস্তিস্থিত আয়কৰ ভৱনলৈ লৈ আহে।
জানিব পৰা অনুসৰি আয়কৰ বিভাগে অভিযানকালত কয়লা সৰবৰাহৰ সময়ত কৰ ফাঁকি দিয়াৰ বহুতো বিস্ফোৰক তথ্য আৰু নথি-পত্ৰ জব্দ কৰিছে আৰু ইয়াৰ ভিত্তিতেই সিংঘালক জেৰা চলাই থকা হৈছে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি ৰাজ্যত কয়লাৰ ক’লা বেহা চলি থকাৰ পিছতো কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাছিল অনা-অসমীয়া এই ব্যৱসায়ীৰ বিৰুদ্ধে। কিন্তু দিল্লীৰ পৰা অহা আয়কৰ বিভাগৰ শীৰ্ষ বিষয়াই অভিযান তীব্ৰতৰ কৰাৰ পিছতেই ওলাব ধৰিছে জোলোঙাৰ মেকুৰী। উল্লেখ্য যে কালি নবীন সিংঘালৰ ব্যৱসায়িক কাৰ্যালয় আৰু বাসগৃহৰ উপৰি ডিগবৈত সত্যনাৰায়ণ আগৰৱাল আৰু মাৰ্ঘেৰিটাত পংকজ চৌধুৰীৰ বাসগৃহত অভিযান চলাইছিল।
কয়লা মাফিয়া সত্যনাৰায়ণ আগৰৱালৰ বাসগৃহত পুৱতি নিশালৈকে চলিছিল আয়কৰ বিভাগৰ অভিযান। আনহাতে মাৰ্ঘেৰিটাৰ কয়লা মাফিয়া পংকজ চৌধুৰীৰ বাসগৃহত নিশা ১.৩০ বজালৈকে অভিযান চলাইছিল আয়কৰ বিভাগে। তেনে অৱস্থাত আয়কৰ বিভাগে লাভ কৰা তথ্যৰ ভিত্তিত কয়লা ছিণ্ডিকেটৰ সৈতে জড়িত আন ৰৌ-বৰালি জালত পৰিব নে নাই সেয়া লক্ষণীয় হ’ব।
No comments