Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ছাত্ৰ সন্থাৰ পৰা অব্যাহতি

  পৰাণজ্যোতি বৰা, মাজুলী,১৯ ডিচেম্বৰ:  মাজুলী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ভকতিদুৱাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দীপক টায়ে আৰু উপসভাপতি প্ৰাঞ্...

 


পৰাণজ্যোতি বৰা, মাজুলী,১৯ ডিচেম্বৰ: মাজুলী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ভকতিদুৱাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দীপক টায়ে আৰু উপসভাপতি প্ৰাঞ্জল দত্তই সদৌ মাজুলী জিলা ছাত্ৰ সন্থা গঠনৰ অধিৱেশনৰ দিনাই সামাজিক মাধ্যমত জিলা ছাত্ৰ সন্থাক তীৰ্যক মন্তব্য কৰিছিল৷ বাতৰিলৈ পঠিওৱা এক বিবৃতিত জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা আৰু সাধাৰণ সম্পাদক বিতোপন শৰ্মাই কয় যে যোৱা কাৰ্যনিৰ্বাহক সভাই তেওঁলোকলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল যদিও নিৰ্দিষ্ট সময়সীমা পাৰহৈ যোৱাৰ পিছতো কোনো ধৰণৰ সুদোত্তৰ দিব নোৱাৰিলে বিষয়ববীয়া দুজনে৷ কেৱল জিলা ছাত্ৰ সন্থা খনক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ অহৰহ চেষ্টা চলালে৷ সেয়েহে গত ৭ ডিচেম্বৰ/২০২০ তাৰিখে অনুষ্ঠিত হৈ যোৱা জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সভাৰ সৰ্বসন্মতি ক্ৰমে দুয়োজন বিষয়ববীয়াক ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা সাময়িক ভাৱে অব্যাহতি প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিয়ে৷ তেওঁলোকৰ সৈত্যে বৰ্তমান সময়ৰ পৰা স্থানীয় ৰাইজে ছাত্ৰ সন্থা সম্পৰ্কীয় কোনো যোগাযোগ নাৰাখিবলৈ জিলা ছাত্ৰ সন্থাই আহ্বান জনাইছে৷

No comments