এদিলেড, ১৯ ডিচেম্বৰ: ভাৰতে এদিলেড অ'ভেলত অষ্ট্ৰেলিয়াৰ হাতত প্ৰথমখন টেষ্টত পৰাস্ত হৈছে। এই মেচত ভাৰতে নিৰাশজনক প্ৰদৰ্শনৰে পৰাস্ত হৈছে। প...
এদিলেড, ১৯ ডিচেম্বৰ: ভাৰতে এদিলেড অ'ভেলত অষ্ট্ৰেলিয়াৰ হাতত প্ৰথমখন টেষ্টত পৰাস্ত হৈছে। এই মেচত ভাৰতে নিৰাশজনক প্ৰদৰ্শনৰে পৰাস্ত হৈছে। প্ৰথম টেষ্টৰ পিছত ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলী দুখঃ মনৰে স্বদেশলৈ উভতি আহিবলৈ সাজু হৈছে। নিজৰ সন্তানৰ জন্মৰ সময়ৰ বাবে তেওঁ আন তিনিখন টেষ্টত অংশ নলয়। ভাৰতীয় দলটো প্ৰথমখন টেষ্টত পৰাস্ত হোৱাত কোহলীক ছচিয়েল মিডিয়াত বিভিন্নজনে সমালোচনা কৰিছে। ২০১৫ৰ পৰা এদিলেড টেষ্টৰ পূৰ্বলৈ কোহলীয়ে যিমানবাৰ টেষ্ট মেচৰ টছত জিকিছে, ভাৰতে সেই মেচত পৰাস্ত হোৱা নাই। কিন্তু ২৫খন মেচৰ পিছত প্ৰথমবাৰ কোহলীয়ে টছত জিকা মেচত ভাৰতে পৰাস্ত হৈছে। ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টছত জিকি প্ৰথমে বেটিং কৰিবলৈ আহি প্ৰথম ইনিংছত ২৪৪ৰান সংগ্ৰহ কৰে। আনহাতে অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ১৯১ ৰান সংগ্ৰহ কৰে। যাৰ বাবে ভাৰতে ৫৩ৰানৰ অগ্ৰগতিত থাকে। আশা কৰা হৈছিল ভাৰতে দ্বিতীয় ইনিংছত দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰিব পাৰিব। কিন্তু টেষ্টৰ তৃতীয় দিনা শনিবাৰে ভাৰতে দ্বিতীয় ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই কেৱল ৩৬ ৰানহে সংগ্ৰহ কৰে। যিখন টেষ্টত ভাৰতে পৰাস্ত হৈছে আৰু ছিৰিজত অষ্ট্ৰেলিয়া ১-০ৰ অগ্ৰগতিত আছে।
No comments