Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

গীত কথা আৰু কবিতাৰ দুপৰীয়া শীৰ্ষক অনুষ্ঠানৰ পাথৰিঘাটত নতুন বছৰক আদৰণি

  গণ বাৰ্তা, পাথৰিঘাট, ৩১ ডিচেম্বৰঃ   বছৰৰ শেষৰ দিনটোত পশ্চিম দৰঙৰ  ঐতিহাসিক পাথৰিঘাটৰ  সাহিত্যৰ পঠন পাঠন সৃজন আৰু মননৰ পৰিৱেশ সৃষ্টি কৰা না...

 


গণ বাৰ্তা, পাথৰিঘাট, ৩১ ডিচেম্বৰঃ  বছৰৰ শেষৰ দিনটোত পশ্চিম দৰঙৰ  ঐতিহাসিক পাথৰিঘাটৰ  সাহিত্যৰ পঠন পাঠন সৃজন আৰু মননৰ পৰিৱেশ সৃষ্টি কৰা নান্দনিক সাহিত্য চ'ৰা  আৰু পথৰু সমন্বয় গোষ্ঠীৰ  উদ্যোগত আয়োজন কৰা হয় গীত-কথা  কবিতাৰ দুপৰীয়া শীৰ্ষক এক অনুষ্ঠানৰ। এই মনোজ্ঞ অনুষ্ঠানৰ মাজেৰে  পৰিদৰ্শন বাংলাৰ চৌহদ জীপাল হৈ উঠিল। বছৰৰ শেষৰ দিনটো এক  নান্দনিক পৰিবেশৰ শৃষ্টি কৰি  উপস্থিত লোকসকলে  আগন্তুক ২০২১ বৰ্ষক  আদৰণি  জনালে। অনুষ্ঠানটোত কবিতা গীত আৰু ভিন্ন বিষয়ৰ বক্তৃতা প্ৰদানৰ লগতে সদ্যঘোষিত  গুৱাহাটী বিশ্ববিদ্যালয়ৰ  পৰা পিএইচডি ডিগ্ৰী গ্ৰহণ কৰা পথৰুঘাটৰ সু-সন্তান  ড৹ আব্দুল ওৱাদূদ আৰু  পাথৰিঘাট শাখা সাহিত্য সভাৰ সভাপতি  তথা  সদ্য অৱসৰী পাথৰিঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পদ্ম কুমাৰ দাস, খটৰা সত্ৰৰ প্ৰাক্তন   সভাপতি  ঘন্টাৰ চন্দ্ৰ ডেকা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত প্ৰথম স্থানপ্ৰাপ্ত  পাথৰিঘাট ৰ সন্তান পূৱালী ডেকাৰক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। নান্দনিক সাহিত্য চ'ৰাৰ তৰফৰ পৰা  ড৹ আব্দুল ওৱাদূদ, সদ্য অৱসৰী প্ৰধানশিক্ষক পদ্ম কুমাৰ দাসক বিশেষভাৱে  মান পত্ৰ,  শৰাই, ফুলাম গামোচা  আৰু গ্ৰন্থৰ টোপোলাৰে  সম্বৰ্ধনা  জনোৱা  হয়। নান্দনিক সাহিত্য চ’ৰাৰ  সভানেত্ৰী  বানেশ্বৰী ডেকা, পাথৰিঘাট  ৰাজহ চক্ৰৰ  চক্ৰ বিষয়া  অমৰজ্যোতি নাথ,  বিশিষ্ট  গান্ধীবাদি   সমাজসেৱক কালিচৰন  শৰ্মা, অসম সাহিত্য সভাৰ আকাশৰ ৰাজ্যিক আহ্বায়ক  মকচিদা বেগমৰ কবিতা পাঠৰ লগতে  ভাৰতী শৰ্মা, কংকজ কলিতা  আৰু  বিশিষ্ট  সুৰকাৰ সংগীত পৰিচালক  প্ৰভাত বনীয়া এই     সকলৰ গীত কবিতাই  অনুষ্ঠানটো জীপাল কৰি  তোলে। নান্দনিক সাহিত্য  চ’ৰাৰ সম্পাদক কমলাকান্ত ডেকাই আঁতধৰা  গাম্ভিৰ্যপূৰ্ণ অনুষ্ঠানটোত  উপস্থিত  হৈ ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই  সম্বোধিত ব্যক্তি চাৰিওগৰাকী  ফুলাম   গামোচাৰে আদৰণি জনায়। নান্দনিক সাহিত্য চ’ৰাৰ উপদেষ্টা  সু-চিকিৎসক  তথা সাহিত্যিক  ডাঃ কমলাকান্ত  শৰ্মাৰ সঞ্চালনাত অনুপস্থিত  হোৱা  সভাখনত  ৰাষ্ট্ৰীয় কৃতি শিক্ষক ৰ বঁটা  প্ৰাপক  শশাংক  হাজৰিকা, দৰং জিলা  সাহিত্য সভাৰ প্ৰাক্তন  সম্পাদক  সৎৰাম ডেকা,  জ্যেষ্ঠ নাগৰিক  চিন্তাৰাম  চহৰীয়া,  জানিৰাম ডেকা, কমলা শইকীয়া, অমূল্য  চৰণ শৰ্মা,  ছামচুদ্দিন আহমেদকে ধৰি  বহুকেইজন  অঞ্চলটোৰ বিশিষ্ট ব্যক্তি  উপস্থিত থাকে। উল্লেখযোগ্য যে  ইতিমধ্যে অৱসৰী  শিক্ষক  পদ্ম কুমাৰ দাস আৰু  ড৹আব্দুল ওৱাদূদক    ঐক্য সংঘতি সাহিত্য সংস্কৃতি  আৰু ক্ৰীড়াৰ এক সামাজিক অনুষ্ঠান  দ্বীগজ ঐক্য মঞ্চৰ পথৰুঘাটৰ তৰফৰ পৰা  তেওঁৰ লোক দুয়োজনৰ বাসগৃহত উপস্থিত  হৈ  বিশেষ অনুষ্ঠান  আয়োজন কৰি  সম্বধনা জনোৱা হয়  বুলি  ঐক্য মঞ্চৰ  সাহিত্য শাখাৰ  সম্পাদক  ৰিতুৰাজ শইকীয়াই  জানিবলৈ দিয়ে৷

No comments