হামিদ আলী, ঘগ্ৰাপাৰ ২২ ডিচেম্বৰ: নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ উদ্যোগত বনভাগ কনিষ্ঠ মহাবিদ্যালয়ৰ সহযোগত আজি ড্ৰাগছ বিৰোধী সপ্তাহৰ লগত ...
হামিদ আলী, ঘগ্ৰাপাৰ ২২ ডিচেম্বৰ: নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ উদ্যোগত বনভাগ কনিষ্ঠ মহাবিদ্যালয়ৰ সহযোগত আজি ড্ৰাগছ বিৰোধী সপ্তাহৰ লগত সংগতি ৰাখি এখন সজাগতা সভা অনুষ্ঠিত হয়। ঘগ্ৰাপাৰ অঞ্চলৰ একমাত্ৰ উচ্চশিক্ষাৰ শিক্ষানুষ্ঠান বনভাগ মহাবিদ্যালয়ৰ ডঃ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাখনৰ আঁত ধৰে প্ৰাক্তন ছাত্র নেতা তথা নলবাৰী জিলা উন্নতি সভাৰ সম্পাদক ৰাতুল চন্দ্ৰ ডেকাই ৷ উক্ত সজাগতা সভাখনত উদ্দেশ্য বাখ্যা কৰে ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে । সজাগতা সভাখনত উপস্থিত ছাত্ৰ ছাত্ৰী আৰু ৰাইজৰ মাজত চি, আই (বেলশৰ)জিতেন্দ্ৰ সিং, বনভাগ মহাবিদ্যালয় ৰ অধ্যক্ষ যোগেন্দ্ৰ কলিতা, প্ৰৱক্তা প্ৰাণজিত বুজৰবৰুৱাই ড্ৰাগছৰ পৰা হোৱা ভয়াৱহতাৰ ওপৰত আলোকপাত কৰে। তদুপৰি ভাষণ প্ৰসংগত চি আই জিতেন্দ্ৰ সিঙে কয় যে ড্ৰাগছ বাবে মানৱ সমাজ ধ্বংসৰ গৰাহঁত পৰে ।ড্ৰাগছে যুৱ প্ৰজন্মক বিপথ গামী কৰি মৃত্যুৰ পথলৈ ঠেলি দিছে। গতিকে ড্ৰাগছৰ পৰা আঁতৰি সুন্দৰ জীৱন যাপন কৰিবলৈ ছাত্র ছাত্ৰীক আহ্বান জনায়।
No comments