ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ৮ ডিচেম্বৰ ঃ অন্ত পৰিল বিটিচি পৰিষদীয় নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰৰ। হাইভল্টেজ আৰু ৰথী-মহাৰথী ৰাজনৈতিক নেতা...
ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ৮ ডিচেম্বৰ ঃ অন্ত পৰিল বিটিচি পৰিষদীয় নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰৰ। হাইভল্টেজ আৰু ৰথী-মহাৰথী ৰাজনৈতিক নেতাৰ প্ৰচাৰে আজি অন্তিম দিনটোত কোকৰাঝাৰ আৰু চিৰাং জিলাৰ আকাশ-বতাহ কঁপি উঠিল। আজি বিয়লি ৫ বজাৰ লগে লগে দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ অন্ত পৰে। ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা, ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো, বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী, সাংসদ নৱ শৰণীয়াকে আদি কৰি প্ৰতিটো ৰাজনৈতিক দলৰ বাঘা বাঘা নেতা-কৰ্মীয়ে আজি অন্তিম দিনটোত ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ তীব্ৰ প্ৰচাৰ অভিযান চলোৱাই নহয়, একাধিক প্ৰতিশ্ৰুতিৰ বন্যা বোৱালে।
চিৰাং আৰু কোকৰাঝাৰ জিলাৰ ১৯টা পৰিষদীয় সমষ্টিত অহা ১০ ডিচেম্বৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। ভোট কেন্দ্ৰসমূহত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। চিৰাং জিলাৰ সাতটা সমষ্টিত অহা ১০ ডিচেম্বৰত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ লগতে কোকৰাঝাৰ জিলাত ১২টা সমষ্টিত অনুষ্ঠিত হ’ব নিৰ্বাচন। কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ১৯টা পৰিষদীয় সমষ্টিৰ বাবে সৰ্বমুঠ ১,৪০৭টা ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ১৯টা সমষ্টিত ১১১জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব দুয়োখন জিলাৰ ৯,৮৫,৬১৪ গৰাকী ভোটাৰে। অহা ১২ ডিচেম্বৰত নিৰ্ণয় হ’ব ভাগ্য।
No comments