Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কাহিকুছি গাওঁ পঞ্চায়তত ১১ টা পথ-উপ পথৰ আধাৰশিলা স্থাপন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

  গণবাৰ্তা : আজাৰা ১৫ ডিচেম্বৰ  :   পশ্চিম গুৱাহাটী সমষ্টিৰ  বাট- পথ , নলা- নৰ্দমা সমূহৰ আন্তঃ গাঁথনিৰ  উন্নয়ন সাধনেৰে সমষ্টিটোক এক নতুন ৰূপ...


 গণবাৰ্তা : আজাৰা ১৫ ডিচেম্বৰ  :  পশ্চিম গুৱাহাটী সমষ্টিৰ  বাট- পথ , নলা- নৰ্দমা সমূহৰ আন্তঃ গাঁথনিৰ  উন্নয়ন সাধনেৰে সমষ্টিটোক এক নতুন ৰূপ দিয়াৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । এই প্ৰচেষ্টাৰ অংশহিচাপে ৰাণী উন্নয়ন খণ্ডৰ  অন্তৰ্গত  আজাৰাৰ কাহিকুছি গাওঁ পঞ্চায়ত এলেকাত  আজি ১১ টা পথ- উপ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয় । আধাৰশিলা স্থাপন কৰে স্হানীয় বিধায়ক ৰমেন্দ্ৰ  নাৰায়ণ কলিতাই । চতুৰ্দশ বিত্তীয় আয়োগৰ  ৮১. ২৫ লাখ টকা ব্যয়ৰে অহা বহাগ বিহুৰ পুর্বে এই পথ- উপ পথ সমূহ নিৰ্মাণ কৰা হব । আনহাতে  এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কলিতাই কয় যে যাতায়ত ব্যৱস্থা উন্নত হলেহে এটা অঞ্চলৰ  সামগ্ৰিক উন্নয়ন হয় । উন্নয়ন মূলক কাম সমূহত যাতে দুৰ্নীতি-অনিয়ম সংঘটিত নহয় তাৰ প্ৰতি ৰাইজক নজৰ দিবলৈ বিধায়ক কলিতাই আহ্বান জনায় । অনুষ্ঠানত ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিৰীক্ষণ কমিটিৰ সদস্য  সুভাষ শৰ্মা , কাহিকুছি গাওঁ পঞ্চায়তৰ  সভাপতি জগন্নাথ ঠাকুৰীয়া , সহকাৰী অভিযন্তা চামিনা বসুমতাৰী , সচিব সুবোধ কলিতা , ৰাণী আঞ্চলিক পঞ্চায়তৰ  সদস্যা ৰজিদা বেগম , অগপৰ পশ্চিম গুৱাহাটী সমষ্টি কমিটিৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰী , অগপ নেতা পৰেশ বৰুৱাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্হিত থাকে । ইয়াৰ উপৰিও আধাৰশিলা কাৰ্যসূচীৰ অন্তত  বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কাহিকুছি আৰু গাতে লগা আজাৰা গাওঁ পঞ্চায়ত এলেকাত চলি থকা বিভিন্ন উন্নয়ন মূলক কাম কাজ সমূহৰো দায়িত্ববাঁহী বিষয়া - অভিযন্তা , পঞ্চায়ত প্ৰতিনিধি আৰু উন্নয়ন তথা নিৰ্মাণ কমিটিৰ বিষয় ববীয়া সকলৰ সৈতে এক পয্যালোচনা বৈঠকত মিলিত হয় ।

No comments