গণ বাৰ্তা ফুলনি , ১২ ডিচেম্বৰ : মুৰত সৰগ ভাগি পৰিছে মাজুলীৰ এটি দুখীয়া পৰিয়ালত। মাজুলী ভকতিদুৱাৰ গাঁৱৰ নিবাসী ভৱেন খাউণ্ড আৰু সাবৃত্তি খাউ...
গণ বাৰ্তা ফুলনি , ১২ ডিচেম্বৰ : মুৰত সৰগ ভাগি পৰিছে মাজুলীৰ এটি দুখীয়া পৰিয়ালত। মাজুলী ভকতিদুৱাৰ গাঁৱৰ নিবাসী ভৱেন খাউণ্ড আৰু সাবৃত্তি খাউণ্ডৰ একমাত্ৰ কন্যা সন্তান, ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম মান শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী নৱনীতা খাউণ্ডৰ জীৱনলৈ যেন নামি আহিছে কাল অমানিশা। ফুলকুমলীয়া বয়সতে দেহত লৈ ফুৰিব লগা হৈছে দুৰাৰোগ্য ৰোগৰ হেচা SLE । যাৰ বাবে পৰিয়ালটোৱে চকুলোৰে বাট নেদেখা অৱস্থা হৈ পৰিছে । বৰ্তমান অসম মেডিকেল কলেজত চিকিৎসা অৱ্যাহত থকা হৈ থকা ছাত্রী গৰাকীৰ দেহত ধৰা পৰিছে দুৰাৰোগ্য ব্যাধি এছ.এল.ই ৰোগ । যি ৰোগৰ নাই কোনো স্থায়ী সমাধান , তথাপিও মেধাবী কিশোৰী গৰাকীৰ মুখত হাঁহি বিৰিঙাই ৰাখিবলৈ ইচ্ছা , প্ৰবল হাবিয়াস পিতৃ মাতৃৰ । হঠাৎতে অহা এই কালধুমুহা সদৃশ ৰোগে পৰিয়ালটোৰ মাজত এক শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে ৷ নিজ সন্তানক চকুৰ আগত লৈ চতফতাই থকা দৃশ্য চাই চকুৰ পানীৰে বাট নেদেখা অৱস্থা হৈছে মাতৃৰ ৷ কিশোৰী গৰাকীক চিকিৎসাৰ বাবে এতিয়া বহু অৰ্থৰ প্ৰয়োজন বুলি দুখীয়া পিতৃ , মাতৃয়ে আমাক জানিবলৈ দিয়ে ৷ পৰিয়ালৰ লোকে ৰাইজৰ পৰা কাতৰেৰে সহায় ভিক্ষা কৰিছে। কোনো সদাশয় ব্যক্তিৰ সহায়ে ছাত্ৰী গৰাকীৰ মুখৰ পৰা হেৰুাই যাব খোজা হাঁহিটি আকৌ ঘুৰাই আনিব পাৰিব বুলি অঞ্চল বাসীয়ে মন্তব্য কৰিছে । উল্লেখ্য যে, ৰাজ্য খনৰ কোনো সদাশয় ব্যক্তিয়ে দুখীয়া জটিল ৰোগত আক্ৰান্ত ছাত্ৰী গৰাকীক সহায় কৰিব বিচাৰিলে এছ.বি.আই শাখাত থকা মাতৃৰ সাবিত্ৰী খাউণ্ডৰ নামত A/C : 36536593448 IFSC -SBIN0005081 সহায় কৰিব পাৰিব বুলি পৰিয়ালৰ লোকে আমাক জানিবলৈ দিয়াৰ লগতে অধিক জানিবৰ বাবে পৰিয়ালটোৰ লগত 6002705578 ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জনাই ৷
No comments