কয়াকুছিৰ পৰা নজৰুল ইছলাম,২৯ ডিচেম্বৰঃ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাণকেন্দ্ৰ কয়াকুছি বজাৰত আজি কয়াকুছিৰ জ্যেষ্ঠ চিপিআইএম নেতা তথা ...
কয়াকুছিৰ পৰা নজৰুল ইছলাম,২৯ ডিচেম্বৰঃ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাণকেন্দ্ৰ কয়াকুছি বজাৰত আজি কয়াকুছিৰ জ্যেষ্ঠ চিপিআইএম নেতা তথা অৱসৰপ্ৰাপ্ত শিক্ষক আফাজ উদ্দিনৰ সভাপতিত্বত চিপিআইএমৰ এক জনসভা অনুষ্ঠিত হৈ যায় । কৃষি আইনৰ লগতে 'কা' আইন বাতিলৰ দাবীত অনুষ্ঠিত হোৱা উক্ত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে পাৰ্টিৰ কয়াকুছি লোকেল কমিটিৰ সম্পাদক পিয়াৰুল ইছলাম আহমেদে । সভাত উপস্থিত থাকি বৰপেটা লোকসভাৰ প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মনে বিজেপি দল আৰু চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে। বৰ্ষীয়ান চিপিআই(এম) নেতা গৰাকীয়ে কয় যে বিজেপি দল আৰু চৰকাৰ সম্পূৰ্ণৰূপে আৰ এছ এছৰ আজ্ঞাবাহী ভৃত্য আৰু তেঁওলোকৰ গুৰু হ'ল জাৰ্মানীৰ হিটলাৰ । বিজেপি দলে ক্ষমতাত আহিয়েই ভাৰতবৰ্ষত সাম্প্ৰদায়িক বিষভাষ্প বিয়পাই পৰিৱেশ কলুষিত কৰিছে । বিজেপিৰ ওপৰত অভিযোগ আনি বৰ্ষীয়ান নেতাগৰাকীয়ে কয় যে, বিজেপিৰ ডাঙৰ ডাঙৰ নেতাৰ ছোৱালী মুছলমানলৈ বিয়া দি তেঁওলোকৰ লগত মধুৰ সম্পৰ্ক গঢ়িছে আৰু সাধাৰণ ডেকা ল'ৰাই হিন্দু ছোৱালী বিয়া কৰালে তেওঁলোকে তাক লাভ জেহাদ আখ্যা দি হাৰাশাস্তি কৰিছে । বৰ্তমান ৰাষ্ট্ৰপতিৰ পৰা প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীলৈ সকলোৱেই এসময়ত আৰ এছ এছৰ প্ৰচাৰক আছিল বুলিও তেওঁ গুৰুতৰ অভিযোগ কৰে । তেওঁ আৰু কয় যে, নৰেন্দ্ৰ মোদীৰ প্ৰিয় ভাজন আম্বানী আৰু আদানীক এতিয়া ভাৰতবৰ্ষখন গতাই দিয়াৰ লগতে কৃষি আইনৰ জৰিয়তে কৃষিখণ্ডৰ সকলো স্বত্ব তেঁওলোকক গতাই দিয়াৰ যো-জা চলাইছে । এই সভাত উপস্থিত থাকি চিপিআই(এম)ৰ কেন্দ্ৰীয় কমিটিৰ সদস্য তথা সাপ্তাহিক গণশক্তিৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয় যে বিজেপি চৰকাৰে চক্ৰান্ত কৰি সাম্প্ৰদায়িক ভাবে সকলোকে ভাগ ভাগ কৰি শাসনৰ বাঘজৰী হস্তগত কৰি আহিছে। বিজেপিৰ কৃষক বিৰোধী নীতিৰ ফলস্বৰূপে স্বাধীনতাৰ পিছত ঐতিহাসিক কৃষক আন্দোলন মোদী চৰকাৰৰ দিনতেই হ'বলৈ পালে বুলি তেওঁ উদ্বেগ প্ৰকাশ কৰে। সমাগত বিধানসভা নিৰ্বাচনত বিজেপি বিৰোধী সকলো ধৰ্মনিৰপেক্ষ দলকেই একত্ৰিত হৈ বিজেপিৰ বিৰুদ্ধে যুঁজ দি চৰকাৰক ক্ষমতাচ্যুত কৰাৰ বাবে সুপ্ৰকাশ তালুকদাৰে আহ্বান জনায় । সভাত উপস্থিত থাকি চিপিআই(এম)ৰ বৰপেটা জিলাৰ ভাৰপ্ৰাপ্ত সম্পাদক আজিজুৰ ৰহমানেও বিজেপিৰ কৃষকবিৰোধী স্থিতিৰ লগতে পুঁজিপতিৰ স্বাৰ্থত আইন প্ৰণয়ন কৰাৰ সমান্তৰালভাৱে তেওঁলোকৰ স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে সকলোকে অৱগত কৰে। চিপিআই(এম)ৰ কয়াকুছি লোকেল কমিটিয়ে কৃষক বিৰোধী কৃষি আইন, 'কা' আইন বাতিলৰ লগতে বিদ্যুৎ (সংশোধনী) বিল প্ৰত্যাহাৰৰ দাবীত তথা সাম্প্ৰদায়িক ঐক্য তথা শান্তি-সম্প্ৰীতি ৰক্ষাৰ হকে আয়োজন কৰা উক্ত সভাত উপস্থিত থকা প্ৰায় সহস্ৰাধিক লোকক কয়াকুছিৰ গণশিল্পী ইউছুফ আলী, ফেদ্দুছ খান আৰু বিশ্বজিৎ দাসে দলীয় গীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰে।
No comments